খাৰুপেটীয়া : জুৱাত হাৰি খঙত টিঙিৰিতুলা হোৱা সুৰামত্ত স্বামীৰ প্ৰহাৰত যােৱানিশা এগৰাকী দুই সন্তানৰ মাতৃৰ মৃত্যু হােৱা ঘটনাই খাৰুপেটীয়াত চাঞ্চল্য সৃষ্টি কৰিছে। দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত মণ্ডলপাৰা গাৱত সংঘটিত হয় এই বর্বৰ ঘটনা। যােৱানিশা সমৰ আলী নামৰ এজন পাষাণ স্বামীয়ে ঘৰৰ সকলােৰে সন্মুখত এই কাণ্ড সংঘটিত কৰে। সমৰ আলী নামৰ জুৱাৰীজনে সুৰাৰ ৰাগীত মতলীয়া হৈ সঘনাই পত্নী ৰৌশানাৰাৰ ওপৰত অত্যাচাৰ চলােৱাৰ অভিযােগ উত্থাপিত হৈছে। অভিযােগ মতে, সমৰ আলীয়ে সামাজিক প্ৰথাৰে ৰৌশানাৰাক বিয়া কৰাই অনাৰ এবছৰৰ পাছৰে পৰাই শাৰীৰিক নির্যাতন চলাই আহিছিল। কিন্তু সন্তান দুটাৰ মুখলৈ চাই ৰৌশানাৰাই সংসাৰ চলাই গৈছিল। যােৱানিশা জুৱাত হাৰি সমৰ আলী ঘৰলৈ অহাৰ পাছত পত্নীৰ লগত কথাৰ কটাকটি হয়। ফলত স্বামী সমৰ খঙত টিঙিৰিতুলা হৈ পৰে আৰু পত্নী ৰৌশানাৰাক নির্দয়ভাৱে কোবাবলৈ আৰম্ভ কৰে। স্বামীৰ নির্বিচাৰ প্ৰহাৰত এই সময়ত ৰৌশানাৰা গুৰুতৰভাৱে আহত হৈ বাগৰি পৰে। লৰালৰিকৈ তেওঁক খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও ৰৌশানাৰাই কৰুণভাৱে মৃত্যুক সাবটি লয়। ঘটনা সংঘটিত কৰিয়েই জুৱাৰী স্বামী সমৰ আলীয়ে পলায়ন কৰে। ইফালে, ৰৌশানাৰাৰ পৰিয়ালৰ লােকৰ গােচৰৰ ভিত্তিত আজি খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে ৰৌশানাৰাৰ শাহুৱেকক আটক কৰে।
Responsive Ads Here
Friday, May 18, 2018

জুৱাত হাৰি সুৰামত্ত স্বামীয়ে কৰিলে পত্নীক হত্যা
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment