ভৱানীপুৰত বাছ দুৰ্ঘটনা : আহত ৩০ গৰাকী যাত্রী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 18, 2018

ভৱানীপুৰত বাছ দুৰ্ঘটনা : আহত ৩০ গৰাকী যাত্রী


বৰপেটা : দিনক দিনে দুৰ্ঘটনাস্থলীত পৰিণত হৈছে বৰপেটাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বৰপেটা জিলাৰ ভৱানীপুৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া এক ভয়ংকৰ বাছ দূৰ্ঘটনা সংঘটিত হয়।
চালকৰ ভুলৰ বাবে ঘাইপথৰ পৰা বাগৰিল এ এছ-০১ চিচি-০৯৭৯নম্বৰৰ ৰেছমিনা নামৰ যাত্ৰীবাহী বাছখন৷ উক্ত বাছখনে বৰপেটা ৰোডৰ পৰা গুৱাহাটী অভিমুখে যাত্রা কৰিছিল। দূৰ্ঘটনাত প্ৰায় ৩০ গৰাকী যাত্ৰী আহত হয়। ইয়াৰে তিনিগৰাকী যাত্রীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে আহতকেইজনক বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়। ইপিনে আহতসকলক স্থানীয় ৰাইজৰ তৎপৰতাত ভৱানীপুৰ আৰক্ষীয়ে ভৱানীপুৰ প্ৰাথমিক চিকিসালয়লত ভৰ্ত্তি কৰোৱায়।

No comments:

Post a Comment

SPONSORED