বাক্সাৰ তামুলপুৰ ,কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মচাৰী পৰিষদৰ সহযোগত "প্ৰেৰণা দিন পালন’’ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 18, 2018

বাক্সাৰ তামুলপুৰ ,কুমাৰীকাটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মচাৰী পৰিষদৰ সহযোগত "প্ৰেৰণা দিন পালন’’


তামুলপুৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু তামুলপুৰ কৰ্মচাৰী পৰিষদে আজি ৰাষ্ট্ৰীয়নাগৰিক পঞ্জি উন্নতি কৰণৰ লগত জৰিত থকা বিষয়া কৰ্মচাৰী সলকক উৎসাহ, উদ্দীপনা দিয়াৰ বাবে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় দিনৰ ১১ বজাত প্ৰেৰণা দিন হিচাপে পালন । কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু কৰ্মচাৰী সকলক প্ৰেৰণা উদ্দেশ্যেয়ে দুষাৰ । অনুষ্ঠানতিত উপস্থিত থাকে তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেবেন দাস, সহ:সম্পাদক কন্দৰ্প তালুকদাৰ, অনিল মেধি , বিপিন বহ্ম, ভূপেন কলিতা , তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, বাক্সা জিলা তামুলপুৰ মহকুমা এন আৰ চিৰ দায়িত্বত থকা অৰ্ণৱ ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক কুমুদ ডেকাৰ লগতে অসম চৰকাৰ অধিনত তামুলপুৰৰ বিভিন্ন বিভাগৰ ব্যক্তি সকল উপস্থিত থাকে। ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই কয় যে অসমত এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হব বুলি বিশ্বাস কৰি নিয়োজিত হৈ থকা বিষয়া কৰ্মচাৰী সকলক প্ৰেৰণা দি শুভেচ্ছা প্ৰদান কৰে।



আনহাতে আজি একে সময়তে কুমাৰীকাটা আঞ্চলিক আছুৰ উদ্যোগতো কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাঙ্গনত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে কুমাৰীকাটা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেৱৰাজ দাস আৰু সদৌ বাক্সা জিলা ছাত্র সন্থাৰ সভাপতি গোবিন্দ শৰণীয়াই। অনুষ্ঠানতিত উপস্থিত থাকে কুমাৰীকাটা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক সুবোধ দত্ত ,ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ সদস্য আধাৰ দেউৰী, সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাস ,সমাজকৰ্মী বীৰেণ দাস,ৰত্নেশ্বৰ বায়ন আৰু শিক্ষক ,শিক্ষয়ত্ৰী সকলৰ লগতে ছাত্র ছাত্ৰী সকলেও উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED