লিডু : মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ দ্বাৰা আয়োজিত ৰঙালী বিহু মেলাৰ বৃহস্পতিবাৰে তৃতীয় দিনাৰ মুকলি সভাত উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ পুৱা প্ৰায় ১১ বজাত মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত অৱতৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে মাৰ্ঘেৰিটাস্থিত নামদাং বৌদ্ধ বিহাৰত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায়৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ব্যৱসায়ী সন্থাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে টাউন হাইস্কুল খেল পথাৰত ৰঙালী বিহু মেলা অনুষ্ঠিত কৰা হয়৷ তৃতীয় দিনাৰ কাৰ্যসূচীৰ অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকলি সভাৰ মুখ্য অতিথিৰ আসন শুৱনি কৰে৷ পুৱা প্ৰায় ১১ বজাত মাৰ্ঘেৰিটাত অৱতৰন কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি সভা সম্বোধন কৰাৰ পূৰ্বে মাৰ্ঘেৰিটাস্থিত নামদাং বৌদ্ধ বিহাৰত উপস্থিত হৈ পূজা অৰ্চনা আগবঢ়ায়৷ বৌদ্ধ বিহাৰ প্ৰাঙ্গনত সাংবাদিকে সোধা নাগৰিক সংশোধনী আইনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ জনতা মতামতক এইক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মত পোষন কৰে ৷ ৰাইজৰ সিদ্ধান্তই চুড়ান্ত বুলি তেখেতে দৃঢ়তাৰে কয়৷
Responsive Ads Here
Friday, May 18, 2018

Home
Regional
মাৰ্ঘেৰিটাৰ বিহুতলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল : বৌদ্ধ মন্দিৰৰ প্ৰাঙ্গনত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মতামত
মাৰ্ঘেৰিটাৰ বিহুতলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল : বৌদ্ধ মন্দিৰৰ প্ৰাঙ্গনত নাগৰিক সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মতামত
Tags
# Regional
Share This

About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment