প্ৰতাপগঞ্জ হাইস্কুলত ব্যাপক দুৰ্নীতি : একনায়কত্ববাদী প্ৰধান শিক্ষকৰ বিৰুদ্ধে নানা অভিযোগ ৰাইজৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 18, 2018

প্ৰতাপগঞ্জ হাইস্কুলত ব্যাপক দুৰ্নীতি : একনায়কত্ববাদী প্ৰধান শিক্ষকৰ বিৰুদ্ধে নানা অভিযোগ ৰাইজৰ

তামাৰহাট : ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ প্ৰতাপগঞ্জ হাইস্কুলত মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ কৰি অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত বুধবাৰৰ দিনা অঞ্চলটোৰ প্ৰায় দুই শতাধিক পুৰুষ মহিলাই স্কুলত উপস্থিত হৈ জাঙুৰ খাই উঠে প্ৰধান শিক্ষকৰ ওপৰত। জানিব পৰা মতে, প্ৰতাপগঞ্জ হাইস্কুলৰ প্ৰধান শিক্ষক তৰুন কুমাৰ বৰ্মনে ৩০ আৰু ৩১ মাৰ্চ /২০১৭ তাৰিখে বিচনদৈ সমবায় সমিতিৰ পৰা মধ্যাহ্ন ভোজনৰ চাউল উঠায়। কিন্তু প্ৰধান শিক্ষকগৰাকীয়ে ৩০তাৰিখৰ চাউলখিনি স্কুললৈ লৈ আহে যদিও ৩১তাৰিখৰ চাউলখিনি লৈ নাহে।
ফলত ৩১ তাৰিখৰ চাউলখিনি ক’ত গল সেয়া সকলোৰে প্ৰশ্ন হৈ পৰিছে। ১৭ নবেম্বৰ ২০১৭তাৰিখে উক্ত চাউলখিনিৰ তদন্তৰ লগতে প্ৰধান শিক্ষক গৰাকীয়ে কৰা বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ তুলি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু ধুবুৰী জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা জিলা উপায়ুক্তই কোনো গুৰুত্ব নিদিয়াত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। ইপিনে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ত কৰা একনায়কত্ববাদৰ বিৰুদ্ধেও সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে স্বয়ং সতীৰ্থ শিক্ষকে। সতীৰ্থ শিক্ষক এগৰাকীয়ে অভিযোগ কৰা মতে, শিক্ষকৰ দৈনিক উপস্থিত ৰেজিষ্টাৰত প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ ইচ্ছামতে অনুপস্থিত ,ছি,এল লিখি দিয়ে কোন শিক্ষক উপস্থিত হোৱা নাই ,কোন শিক্ষকে ছুটি লৈছে সেইটোৰ কোনো প্ৰয়োজন নাই তেওঁৰ যি ইচ্ছা তাকে কৰিব পাৰে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। তাৰোপৰি শৈক্ষিক পৰিবেশ যথেষ্ট বেয়া হৈছে বুলিও সাংবাদিকৰ আগত অভিযোগ কৰে একাংশ ৰাইজে। প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনত কৰা দুৰ্নীতিৰ তদন্ত ক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ বাবে স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক দাবী জনাইছে। অন্যথাই স্থানীয় ৰাইজে বিদ্যালয়খনত তীব্ৰ আন্দোলন কৰিব বুলি ভাবুকি প্ৰদান কৰিছে।

No comments:

Post a Comment

SPONSORED