মাণিকপুৰ : আজি দুপৰীয়া বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা আক্ৰাছুৰ আঞ্চলিক সমিতিৰ উদ্যোগত দুই ঘন্টীয়া ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদকাৰীৰ অভিযোগ মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা পাতিলাদহা পালেংবাৰী লৈ যোৱা গড়কাপ্তানি ৰাস্তাটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াত আজি আক্ৰাছুৱে ২ ঘন্টা সময় পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। এই অৱৰোধ কায্যসুচীত আমছু, এবি আমছু, জেষ্ঠ নাগৰিক, মহিলা সমিতিয়ে সহযোগিতা কৰে। উল্লেখ্য যে শ শ ছাত্ৰ ছাত্ৰীয়ে পাঠদান এৰি ৰাজপথত বহি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে।
Responsive Ads Here
Friday, May 18, 2018

Home
অসম
আঞ্চলিক
পাতিলাদহাত গড়কাপ্তানি পথ মেৰামতিৰ দাবীত আক্ৰাছুৰ দুইঘন্টীয়া পথ অৱৰোধ : পাঠদান এৰি ৰাজপথত বহিল ছাত্ৰ ছাত্ৰী
পাতিলাদহাত গড়কাপ্তানি পথ মেৰামতিৰ দাবীত আক্ৰাছুৰ দুইঘন্টীয়া পথ অৱৰোধ : পাঠদান এৰি ৰাজপথত বহিল ছাত্ৰ ছাত্ৰী
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment