জয়ন্ত শৰ্মালৈ ‘নেবক’ছ মিডিয়া এৱাৰ্ডছ-২০১৮ৰ শ্ৰেষ্ঠ ব্যঙ্গাত্মক গল্পকাৰ বঁটা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 17, 2018

জয়ন্ত শৰ্মালৈ ‘নেবক’ছ মিডিয়া এৱাৰ্ডছ-২০১৮ৰ শ্ৰেষ্ঠ ব্যঙ্গাত্মক গল্পকাৰ বঁটা

গুৱাহাটী : সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা (আকু)ই গল্পকাৰ, সাহিত্যিক জয়ন্ত শৰ্মালৈ ‘নেবক’ছ মিডিয়া এৱাৰ্ডছ-২০১৮ৰ গল্পকাৰ, সাহিত্যিক জয়ন্ত শৰ্মালৈ শ্ৰেষ্ঠ ব্যঙ্গাত্মক গল্পকাৰ বঁটাৰ বাবে মনোনীত কৰিছে৷ সন্থাটোৰ দশম বাৰ্ষিকী উপলক্ষে ২০ মে’ত গুৱহাটী মহানগৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব৷
উল্লেখ্য যে ১৯৪৯ চনৰ ১৫ নৱেম্বৰত মঙ্গলদৈ চহৰত জন্মগ্ৰহণ কৰা শৰ্মাই সৰুৰে পৰাই সাহিত্য জগতৰ সৈতে জড়িত৷ তপেশ্বৰ শৰ্মাৰ পুত্ৰ জয়ন্ত শৰ্মাই ১৯৭১ চনত গুৱাহাটী আৰ্য বিদ্যাপীঠ কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক সম্পূৰ্ণ কৰি ব্যৱসায়ৰ লগত জড়িত হৈ সম্প্ৰতি গুৱাহাটী মহানগৰীৰ গীতানগৰত স্থায়ীভাৱে বসবাস কৰি আছে৷ বিজ্ঞান শাখাৰ ছাত্ৰ হৈয়ো সাহিত্যৰ প্ৰতি আগ্ৰহ থকাত সম্প্ৰতি ব্যৱসায়ৰ মাজতেই নিজকে সাহিত্য চৰ্চাত আত্ম নিয়োগ কৰি ‘বিকল্প’ নামেৰে হাস্য ব্যঙ্গাত্মক এখনি পুথি ৰচনা কৰি উলিয়ায়৷ এই পুথিখন সমাজত বহুলভাৱে আদৃত হোৱাত ইতিপূৰ্বে ‘বিন্দু সাহিত্য সন্মান-২০১৮’ বঁটা লাভ কৰাৰ পিছত এইবাৰ সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা (আকু)য়েও তেওঁলৈ ‘নেবক’ছ মিডিয়া এৱাৰ্ডছ-২০১৮ৰ শ্ৰেষ্ঠ ব্যঙ্গাত্মক গল্পকাৰ বঁটাৰ বাবে মনোনীত কৰিছে৷ এই বঁটাৰ বাবে মনোনীত হোৱাৰ পিছতে শৰ্মাই নিজকে গৌৰৱান্বিত বুলি অনুভৱ কৰে৷
মন কৰিবলগীয়া যে শৰ্মাই ৰাজ্যখনৰ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত লিখা-মেলা আগবঢ়াই পাঠকৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ ইপিনে তেওঁৰেই ৰচিত ‘মহাৰাণীৰ মেডেল’ শীৰ্ষক অসমীয়া ভাষাৰ গল্পপুথি এখনি অতি শীঘ্ৰে প্ৰকাশ পাব বুলি শৰ্মাই জানিবলৈ দিয়ে৷


No comments:

Post a Comment

SPONSORED