বেৱ সংবাদ : ক্রিমিয়াৰ সৈতে সংলগ্ন পথৰ এখন দলং মুকলি কৰাৰ সময়ত ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ট্রাক চলাই সংবাদ শিৰােনাম দখল কৰিছে। ২০১৪ চনত ইউক্রেইনৰ পৰা ক্রিমিয়া দখল কৰিছিল ৰাছিয়াই। ৰাষ্ট্রপতিগৰাকীয়ে ট্রাক চলাই ক্রিমিয়াত প্ৰৱেশ কৰাৰ লগে লগে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে ইউক্রেইন আৰু পাশ্চাত্যৰ দেশসমূহে। ৰাছিয়াৰ সৈতে ক্রিমিয়াৰ পথ তথা ৰেল যােগাযােগ ব্যৱস্থা মুকলি হােৱাৰ সময়তে প্রতিক্রিয়া প্রকাশ কৰি ইউক্রেইনে কৈছে যে মস্কো প্রশাসনে পুনৰ আগ্রাসনৰ বাবে সাজু হৈছে। পুটিনৰ এই কার্যক পাশ্চাত্যৰ দেশসমূহে যুদ্ধংদেহি আখ্যা দিছে। উল্লেখনীয় যে ৰাষ্ট্রপতি পুটিনে কামাজ ডাম্প ট্রাকখনত উঠি ১৯ কিলােমিটাৰ দূৰত্বলৈ যায়। পুনৰ ট্রাক চলাই ৰাছিয়াৰ কাৰ্চ স্ট্রেইটলৈ উভতি আহে ৰাষ্ট্রপতিগৰাকীয়ে। ৰাষ্ট্রপতি পুটিনে এনেদৰে ট্রাক চলাই দলংখনৰ উদ্বোধন কৰাৰ মুহূর্তত উল্লসিত হৈ পৰে তেওঁৰ সমর্থকসকল।।
Responsive Ads Here
Thursday, May 17, 2018

ৰুছ ৰাষ্ট্রপতি পুটিনে ট্রাক চলাই ক্রিমিয়াত কৰিলে প্ৰৱেশ
Tags
# দেশ-বিদেশ
Share This

About Sangbad Prahari
দেশ-বিদেশ
Labels:
দেশ-বিদেশ
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment