গুৱাহাটী : অসম এথলেটিকছ সন্থাৰ উদ্যোগত ২৬-২৯ জুনত গুৱাহাটীত অনুষ্ঠিত হ’ব ৫৮সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ প্রতিযােগিতা। অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া ছিনিয়ৰ ৰাষ্ট্রীয় প্রতিযােগিতাখন সুচাৰুৰূপে আয়ােজনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় এথলেটিক ফেডাৰেচনৰ উপ-সভাপতি ৰবীন্দ্ৰ চৌধুৰীয়ে দুদিনীয়া ভ্রমণসূচীৰে বুধবাৰে গুৱাহাটীত উপস্থিত হয়। এই ভ্রমণকালত তেওঁ প্রতিযােগিতাৰ বাবে নিৰ্ধাৰণ কৰা মূল ভ্যেনু সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামৰ বিভিন্ন সা-সুবিধাৰ লগতে হােটেল, অসম প্রশাসনিক প্রাধিকাৰী মহাবিদ্যালয়ৰ গেষ্ট হাউছ পৰিদৰ্শন কৰে। চৌধুৰীয়ে অসম এথলেটিক সন্থাৰ সাধাৰণ সম্পাদক প্রদীপ নুনিছা, টেকনিকেল অফিচিয়েল ছৰিফ উল্লা, বিষ্ণুৰাম নুনিছা, ভূপেন চৌধুৰী, বিৰাজ কুমাৰ ওজাকে ধৰি কেইবাজনাে বিষয়ববীয়াৰ সৈতে ষ্টেডিয়ামৰ বিভিন্ন সা-সুবিধাৰ বুজ লয়। আনহাতে তেওঁ ৰুদ্ৰ সিংহ ক্রীড়া প্রকল্প অনুষ্ঠিত এখন বৈঠকত ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মামণি পার্মে, ছাই গুৱাহাটীৰ সঞ্চালক ড° সুভাষ বসুমতাৰী, অসম ক্রীড়া প্ৰাধিকৰণৰ সচিব সঞ্জীৱ গগৈৰ লগতে অসম অলিম্পিক সংস্থাৰ বিষয়ববীয়া আৰু অসম এথলেটিক সন্থাৰ উপ-সভাপতি তৈয়বুন নেছা প্ৰমুখ্যে বিষয়ববীয়াসকলৰ সৈতে এক আলােচনা মিলিত হয়। ফেডাৰেচনৰ উপ-সভাপতি চৌধুৰীয়ে গুৱাহাটী ভেন্যুৰ সা-সুবিধাক লৈ যথেষ্ট সন্তুষ্টি ব্যক্ত কৰিছে আৰু অসমে ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ টুর্নামেন্টখনৰ সুচাৰুৰূপে আয়ােজন কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে।
Responsive Ads Here
Thursday, May 17, 2018

গুৱাহাটীত প্রথমবাৰলৈ ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্রতিযােগিতা
Tags
# ক্ৰীড়া
Share This

About Sangbad Prahari
ক্ৰীড়া
Labels:
ক্ৰীড়া
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment