গুৱাহাটী : দীর্ঘদিন সন্ধানহীন হৈ থকা ৰেৱতী ফুকনৰ সন্ধান ওলাইছে। যােৱা ২২ এপ্রিল পৰা সন্ধানহীন হৈ থকা পি চি জিৰ অন্যতম সদস্যজনৰ সন্ধানত অভিযান। চলাই কার্যতঃ ব্যর্থ হােৱা অসম আৰক্ষীয়ে শেহতীয়াকৈ প্রাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰগৰাকী শ্বিলঙৰ চি আৰ পি এফৰ কেম্পত চিকিৎসাধীন হৈ থকাৰ এক তথ্য লাভ কৰিছিল। উক্ত তথ্যৰ ভিত্তিতেই ইতিমধ্যে কেইবাজনাে লােকক সােধা-পােছা কৰা অসম আৰক্ষীয়ে অৱশ্যে চি আৰ পি এফৰ সৈতেও যােগাযােগ কৰা নাই।। মন কৰিবলগীয়া যে যােৱা ২২ এপ্রিলত গুৱাহাটীৰ গীতানগৰস্থিত ফ্লেট পৰা প্ৰাতঃভ্রমণলৈ গৈ সন্ধানহীন হৈ পৰা ৰেৱতী ফুকনৰ অন্তর্ধানক লৈ যােৱা সময়ছােৱাত একাধিক অভিযােগ উত্থাপন হৈছিল। আনকি তেওঁৰ পুত্র কৌশিক ফুকনে ৰেৱতী ফুকনক চৰকাৰে অপহৰণ কৰাৰাে অভিযােগ তুলিছিল। যােৱা দীর্ঘদিন ধৰি আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে যােগাযােগ ৰখা ৰেৱতী ফুকনে শেহতীয়াকৈ ৰােমানিয়াত আলফাৰ সভাপতি অভিজিৎ অসমৰ সৈতে আলােচনাৰ প্ৰসংগত বৈঠকত বহা বুলি বাতৰি প্ৰকাশ পাইছিল। ৰােমানিয়াৰ পৰা উভতি অহা ৰেৱতী ফুকনে দিল্লীত কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত গুৱাহাটীলৈ উভতি আহিছিল যদিও হঠাৎ ২২ এপ্রিলত সন্ধানহীন হৈ পৰাৰ আঁৰত পি চি জিৰ সদস্যজনে পৰেশ বৰুৱাক সাক্ষাৎ কৰিব যােৱা বুলিও চর্চা চলিছিল। সমগ্র বিষয়টোক লৈ অসম আৰক্ষী যথেষ্ট অন্ধকাৰত থকাৰ পাছত যােৰহাটৰ আমিৰ হাজৰিকা নামৰ এজন যুৱকক হােৱাটছএপযােগে শ্বিলংস্থিত চি আৰ পি এফৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ গেব্রিয়েলে এক বার্তা প্রেৰণ কৰে। উক্ত বার্তাত ৰেৱতী ফুকন চি আৰ পি এফ শিবিৰত বন্দী অৱস্থাত চিকিৎসাধীন হৈ থকাৰ কথা সদৰী কৰে। অসম আৰক্ষীয়ে গােপন সূত্রযােগে এই তথ্য লাভ কৰাৰ পাছতেই বিষয়টোৰ সত্যাসত্য উদ্ধাৰ কৰাৰ বাবে যােৰহাটৰ উক্ত যুৱকজনক সােধা-পােছা আৰম্ভ কৰিছে। জানিব পৰা মতে, গুৰুত্বপূর্ণ বিষয়টো সন্দৰ্ভত কোনােধৰণৰ ৰিক্স ল’বলৈ নিবিচৰাত আৰক্ষীয়ে যুৱকজনে লাভ কৰা এই বার্তা কিমানদূৰ সত্য অথবা কি কাৰণে ৰেৱতী ফুকনক চি আৰ পি এফে আটক কৰি ৰাখিছে, সেই সম্পর্কে সবিশেষ উদ্ধাৰত নামি পৰিছে। খােদ আৰক্ষী সঞ্চালক প্রধান আৰু মহানগৰ আৰক্ষী আয়ুক্তই যুৱকজনক জেৰা কৰা বুলিও জানিব পৰা গৈছে। স্মর্তব্য যে দুদিন পূর্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমক এক বার্তা প্ৰেৰণ কৰি ৰেৱতী ফুকন শ্বিলঙত থকা বুলি দাবী কৰিছিল। আনকি ৰাজ্য চৰকাৰক তেওঁক উদ্ধাৰৰ বাবেও দাবী জনাইছিল। পৰেশ বৰুৱাৰ এনে দাবীৰ পাছতেই ৰেৱতী ফুকন শ্বিলঙৰ চি আৰ পি এফৰ শিবিৰত বন্দী হৈ থকা বিষয়টোৱে যথেষ্ট চাঞ্চল্য সৃষ্টি কৰিছে। অৱশ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে কোনাে তথ্য সদৰী কৰা নাই। ইফালে ৰেৱতী ফুকনৰ নিখােজক লৈ সৃষ্টি হােৱা বিভিন্ন ঘটনাৱলীক লৈ হায়ৰাণ হৈ পৰিছে পৰিয়াল। আজি পৰিয়ালে এইক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপৰ দাবী কৰাৰ লগতে অসম আৰক্ষীয়ে তদন্ত প্রক্রিয়া লেহেম কৰা বুলিও অভিযােগ তােলে।
Responsive Ads Here
Thursday, May 17, 2018

নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ ওলাইছে সন্ধান : চিকিৎসাধীন হৈ আছে শ্বিলঙত
Tags
# অসম
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment