শিৱসাগৰ : বিল আদায়ৰ নামত ঘােচ বিচাৰি । তেল, লােহা,কেমিকেল চোৰক সহযােগিতাৰে তেল আৰু প্রাকৃতিক গেছ নিগমৰ অসম সম্পদৰ একাংশ ধুৰন্ধৰ বিষয়াই বৃহৎ কেলেংকাৰি সংঘটিত কৰা ঘটনাৰ মাজতে ঠিকাদাৰৰ পৰা উৎকোচ বিচাৰি চি বি আইৰ হাতত গ্রেপ্তাৰ হােৱা শীর্ষ বিষয়াজন হ’ল নিগমৰ খনি বিভাগৰ উপ-মহাপ্রবন্ধক অৰবিন্দ কুমাৰ সিং। উপ-মহাপ্রবন্ধকজনক ২ লাখ টকাৰ উৎকোচ গ্ৰহণৰ মুহর্তত হাতে-লােটে গ্ৰেপ্তাৰ কৰা হয়। ঘােচখােৰ বিষয়াগৰাকীয়ে দীর্ঘদিনে ঠিকাৰ বিলসমূহ পাছ কৰাৰ নামত বৃহৎ অংকৰ উৎকোচ দাবী কৰি অ' এন জি চিৰ ঠিকাদাৰসকলৰ মাজত ত্রাস সৃষ্টি কৰি আহিছিল। উল্লেখ্য যে ৰফিকুল হাজৰিকা নামৰ এগৰাকী নিগমৰ অধীনস্থ ঠিকাদাৰে দিয়া গােচৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা চি বি আইৰ ৮জনীয়া দল এটাই ধুৰন্ধৰ বিষয়াগৰাকীক গ্রেপ্তাৰ কৰে। অ’ এন জি চিৰ খনি বিভাগৰ উপ-মহাপ্রবন্ধক হিচাপে দায়িত্ব গ্রহণৰ পাছৰ পৰাই এইগৰাকী বিষয়াই বিল পাছ, ঠিকা আবণ্টন, ইন্ধনৰ নামত ব্যাপক হাৰত উৎকোচ দাবী কৰি অহাৰ অভিযােগ দীর্ঘদিনীয়া। বিভিন্ন সময়ত এই বিষয়াগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ ঠিকাদাৰে বিষয়াগৰাকীৰ বিৰুদ্ধে ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰি আহিছিল যদিও ৰহস্যজনক কাৰণত কোনাে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হােৱা নাছিল। যাৰ বাবে ঠিকাদাৰসকলে বৃহৎ অংকৰ উৎকোচ দি নিজৰ বিলসমূহ পাছ কৰাবলৈ বাধ্য হৈছিল।
শেহতীয়াভাৱে নিগমৰ অধীনস্থ শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ ঠিকাদাৰ ৰফিকুল হাজৰিকা ওৰফে বাবুজান নামৰ ব্যক্তিগৰাকীৰ পৰা অৰবিন্দ কুমাৰ সিঙে পূর্বে কৰা ঠিকাৰ বিল মােকলাই দিয়াৰ বিনিময়ত ১২ লাখ টকা দাবী কৰিছিল। যাৰ বাবে উপায়ান্তৰ হৈ ঠিকাদাৰ ৰফিকুল হাজৰিকাই চি বি আইৰ গুৱাহাটীস্থিত কার্যালয়ত এজাহাৰ দাখিল কৰে। ঠিকাদাৰগৰাকীৰ এজাহাৰৰ ভিত্তিত চি বি আয়ে ৭/১৮ নম্বৰত এটা গােচৰ ৰুজু কৰি পৰিকল্পিতভাৱে অভিযান চলায়। সেইমর্মে গুৱাহাটীৰ পৰা চি বি আইৰ এগৰাকী উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আঠজনীয়া এটা দলে পুৱাই আহি শিৱসাগৰত উপস্থিত হােৱাৰ পাছত ঠিকাদাৰগৰাকীৰ পৰা দুই লাখ টকা উৎকোচ লৈ থকাৰ সময়তেই হাতে-লােটে ধৰা পেলায় ধুৰন্ধৰ উপ-মহাপ্রবন্ধকগৰাকীক। উল্লেখ্য যে তেল আৰু প্রাকৃতিক গেছ নিগমত বিভিন্ন ঠিকা-ঠুকলি আৰু কামৰ নিবিদা সময়ে সময়ে হৈ থাকে। যাৰ বাবে নিবিদাকাৰীয়ে বিধি অনুযায়ী নিবিদা দাখিল কৰে যদিও অৰবিন্দ কুমাৰ সিঙৰ দৰে একাংশ ঘােচখােৰ বিষয়াই ঠিকাদাৰসকলৰ পৰা বৃহৎ পৰিমাণৰ উৎকোচ দাবী কৰাৰ লগতে আন একাংশই নাৰী যােগান ধৰিবলৈও দাবী কৰাৰ অভিযােগ উত্থাপন হৈ আহিছে।কিন্তু দুর্ভাগ্যজনকভাৱে নিগম কর্তৃপক্ষই এই ঘােচখােৰ বিষয়াসকলক নিয়ন্ত্রণ কৰিবলৈ সক্ষম নােহােৱাটো ৰহস্যজনক। ফলত ঠিকাদাৰসকলে দাবী কৰা অনুসৰিয়েই উৎকোচ দি নিজৰ কাম আদায় কৰিবলৈ বাধ্য হৈ আহিছে। সেই সময়তে আজি অসম সম্পদৰ ভিতৰতে আটাইতকৈ ঘােচখোৰ বুলি পৰিচিত অৰবিন্দ কুমাৰ সিঙক চি বি আয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে খনি বিভাগৰ উপ-মহাপ্রবন্ধক হিচাপে থকাৰ গইনা লৈ এইগৰাকী বিষয়াই নিগমৰ ভিতৰচ’ৰাত চলি থকা কেমিকেল চোৰ চক্ৰৰ লগতাে ওতপ্রােতভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল। চি বি আইৰ দলটোৱে অ’ এন জি চিৰ উপ-মহাপ্রবন্ধকগৰাকীৰ কাৰ্যালয়ৰ নথি-পত্ৰ পৰীক্ষা কৰি থকাৰ লগতে এটা দলে বিষয়াগৰাকীৰ আৱাসতাে তালাচী চলাই আছে। শেহতীয়াকৈ জানিব পৰা মতে, উপ-মহাপ্রবন্ধক অৰবিন্দ কুমাৰ সিঙক অধিক জেৰাৰ বাবে গুৱাহাটালৈ নিয়ে।
No comments:
Post a Comment