শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ডঃ ছয় ঘন্টাৰ ভিতৰতে গ্রেপ্তাৰ কৰিলে ২ গভাইত চোৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

May 26, 2018

শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ডঃ ছয় ঘন্টাৰ ভিতৰতে গ্রেপ্তাৰ কৰিলে ২ গভাইত চোৰ

শিৱসাগৰ: শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতেই অৱস্থিত এটা পেট্রল পাম্পত যােৱা নিশা এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। শিৱসাগৰ আৰক্ষীৰ কট্ৰকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা মাত্র ৫০ মিটাৰ নিলগত সংঘটিত হােৱা এই চুৰিকাণ্ডই সমগ্র জিলাখনতেই সৃষ্টি কৰিছে তীব্র চাঞ্চল্য। অৱশ্যে গভাইত চোৰৰ প্ৰত্যাহ্বান হেলাৰঙে গ্রহণ কৰা শিৱসাগৰ আৰক্ষীয়ে অতি তৎপৰতাৰে মাত্র ছয় ঘন্টাৰ ভিতৰতে চুৰিকণ্ড জড়িত দুই গভাই চোৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱাৰ লগতে তেওঁলােকৰ জিম্মাৰ পৰা চুৰি কৰি নিয়া এটা ম'বাইল ফোনৰ লগতে নগদ ধন আৰু কেতবােৰ সামগ্রী জব্দ কৰিবলৈ সক্ষম হয়। 
প্রাপ্ত বাতৰি মতে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কার্যলয়ৰ সন্মুখতেই অৱস্থিত বড়া পেট্রল পাম্পত যােৱা নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ চুৰিকাণ্ড। পেট্রল পাম্পৰ চৌদিশে লাগি থকা চাৰিটাকৈ চিচি টিভিৰ কেমেৰা কৌশলেৰে আনফালে মুখ কৰাই অনায়াসে সংঘটিত কৰে এইচুৰিকাণ্ড। চোৰৰ দলটোৱে পেট্রল পাম্পত প্রৱেশ কৰিয়েইনগদ ধন বিচাৰি সেই সময়ত বন্ধ হৈ থকা কেচ কাউন্টাৰৰ গ্লাছ ভাঙি নগদ ৪৫ হাজাৰ টকা আৰু এটা ম'বাইল ফোন লৈ উধাও হয়। নিশা ১০ বজাৰ পূর্বে পেট্রল বিক্ৰী বন্ধ হৈ যােৱা পাম্পটোৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী কেইজনে নিশা শুই থকাৰ বাবেই ঘটনাৰ সন্দৰ্ভত একো ভূকে পােৱা নাছিল। 
ইফালে ঘটনা সংঘটিত হােৱাৰ পিছতে পুৱাৰ ভাগতে ডিপু কর্তৃপক্ষই শিৱসাগৰ সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত এটা গােচৰ পঞ্জীয়ন কৰি ভাৰপ্ৰাপ্ত বিষয়া দণ্ড শৰ্মাৰ নেতৃত্বত সহ-উপপৰিদৰ্শক লােকনাথ বসুমতাৰীয়ে চলােৱা অভিযানত আজি বিয়লিৰ ভাগত দুটা গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয়। শিৱসাগৰ বৰপুখুৰীৰ সমীপত আত্মগােপন কৰি থকাৰ অৱস্থাত আটক কৰিবলৈ সক্ষম হােৱা গভাইত চুৰ দুটাৰ এটাকনগাঁৱৰ নিবাসী নুৰুদ্দিন আহমেদ বুলি চিনাক্ত কৰাৰ লগতে আনটো গভাইত চোৰক ষ্টেচন চাৰিআলিৰ সমীপৰ নৰেন দত্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চুৰিকাণ্ড সংঘটিত হােৱাৰ সময়ত চিচি টিভিৰ দিশ সলনি কৰি আকাশৰ দিশে মুখ কৰাই লুটপাট সংঘটিত কৰা গভাইত চোৰদুটাৰ ছবি অৱশ্যে চিচি টিভিৰ দিশ সলনি কৰা পূর্বেই কেমেৰাত আৱদ্ধ হৈছিল। মাত্র ছয় ঘন্টাৰ ভিতৰতে এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ মুল মাষ্টাৰ মাইণ্ড দুটাক অতি তৎপৰতাৰে শিৱসাগৰ আৰক্ষীয়ে কতৰায়ত্ত কৰিবলৈ সক্ষম হােৱা কাৰ্যক শিৱসাগৰৰ সচেতন মহলে আদৰণী জনাইছে।

No comments:

Post a Comment

SPONSORED