৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ সকলাে পৰিয়াললৈ বিদ্যুৎ সংযােগ প্রদান কৰা হ’ব : সৰ্বানন্দ সোণোৱাল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 26, 2018

৩১ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনৰ সকলাে পৰিয়াললৈ বিদ্যুৎ সংযােগ প্রদান কৰা হ’ব : সৰ্বানন্দ সোণোৱাল

লাকুৱা পৰিবৰ্ত্ত শক্তি প্রকল্প ৰাইজৰ সেৱাত উৎসর্গিত মুখ্যমন্ত্ৰীৰ

গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি চৰাইদেউ জিলাৰ লাকুৱাৰ মাইবেলাত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে ৭০ মেগাৱাট শক্তি সম্পন্ন লাকুৱা পৰিবৰ্ত্ত শক্তি প্রকল্প উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসর্গিত কৰে। উল্লেখ্য যে লাকুৱা পৰিবৰ্ত্ত শক্তি প্রকল্প ৱার্টছিলা ইণ্ডিয়া প্রাইভেট লিমিটেডে অসম শক্তি উৎপাদন কোম্পানী লিমিটেডৰ সহযােগত ৰূপায়ণ কৰিছে। এই শক্তি প্রকল্পই ৱার্টছিলা প্রযুক্তিৰে পুৰণি গেছ টাৱাইন গােটক স্থানান্তৰ কৰিব। উল্লেখ্য যে পূর্বতে প্রাকৃতিক গেছৰ যেতিয়া নাটনি হৈছিল গেছটাৰৱাইন গােটেৰে চলােৱা প্ৰকল্পটো আশিংকভাৱে চলাব লগা পৰিস্থিতি হৈছিল যদিও বর্তমান ৱার্টছিলা প্রযুক্তিৰ জৰিয়তে চলিব লগীয়া এই শক্তি প্রকল্পই গেছটাৰৱাইনেৰে চলােৱা প্ৰকল্পতকৈ অধিক কার্যক্ষভাৱে শক্তি উৎপাদন কৰিব।
| প্রকল্প উদ্বোধন উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে লাকুৱা পৰিবৰ্ত্ত শক্তি প্রকল্প উদ্বোধনে ৰাজ্য চৰকাৰৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হােৱা লক্ষ্য পূৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি কয়। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হােৱাটো বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ এক মুখ্য লক্ষ্য আৰু এই লক্ষ্য পূৰণে ৰাজ্যখনৰ ঔদ্যোগীক ক্ষেত্র সম্প্রসাৰণ তথা নিয়ােজনৰ বিভিন্ন ক্ষেত্র সৃষ্টিত বাৰুকৈয়ে সহায় কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ দেশৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ যােগান ধৰা লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ ৬৫ লাখ পৰিয়াললৈ অবিৰত বিদ্যুৎ যােগান ধৰাৰ বাবে এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যখনৰ প্রতিটো পৰিয়াললৈ বিদ্যুৎ সংযােগ প্রদানৰ লক্ষ্যৰ বিপৰীতে চৰকাৰে এতিয়ালৈকে ৪৪ লাখ পৰিয়াললৈ বিদ্যুৎসংযােগ স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি বাকী থকা পৰিয়াল সমূহলৈও এই বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত বিদ্যুৎ সংযােগ প্রদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।


ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰখনে বিগত দুটা বছৰত লাভ কৰা উল্লেখযােগ্য সফলতা সমূহৰ এক বিৱৰণাে দাঙি ধৰে। এই প্রসংগত তেওঁ কয় যে ৰাজ্য চৰকাৰখনে শাসন ভাৰ লােৱাৰ পিছৰে পৰাই বিক্রী, আবকাৰী, পথ পৰিবহন ইত্যাদি ক্ষেত্র সমূহৰ ৰাজহ সংগ্ৰহৰ পৰিমান উল্লেখযােগ্যভাৱে বৃদ্ধি পাইছে। প্রধানমন্ত্রীৰ গ্ৰাম চড়ক যােজনা’ৰ অধীনত ৰাজ্যখনৰ ৭ হাজাৰ কিলােমিটাৰ গ্রামীণ পথ পকীকৰণৰ বাবে চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে বুলি উল্লেখ কৰি এই কামৰ প্রক্রিয়া ক্ষীপ্র গতিত চলাই থকা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। স্বচ্ছ ভাৰত অভিযান’ৰ অধীনত শৌচালয় নির্মাণৰ ক্ষেত্ৰটো উল্লেখযােগ্য সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী, স্কীল ইণ্ডিয়া কাৰ্যসূচী, ষ্টেণ্ডআপ, ষ্টার্ট আপ ইণ্ডিয়া কাৰ্যসূচী সমূহ ফলপ্রসূভাৱে ৰূপায়ণৰ ক্ষেত্ৰটো ৰাজ্য চৰকাৰে উল্লেখযােগ্য পদক্ষেপ গ্রহণ কৰিছে বুলি কয়।
দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা অবিৰত পদক্ষেপে এক বৃহৎ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণৰ প্রশাসন যন্ত্র প্রতি পুনৰ আস্থা ঘূৰি আহিছে বুলিও কয়। দুর্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত থাকিব বুলি উল্লেখ কৰি এই অভিযান দুর্নীতি নিমূল নােহােৱালৈকে অবিৰতভাৱে চলাই থকা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে। মুখ্যমন্ত্ৰীয়ে চৰকাৰী কাম-কাজ সমূহত জনসাধাৰণক চোকা দৃষ্টিৰখাৰ বাবেও আহ্বান জনােৱাৰ লগতে চৰকাৰক সকলাে ক্ষেত্ৰতে ইতিবাচক পৰামৰ্শ আগবঢ়াবলৈও আহ্বান জনায় যাতে সবকা সাথ সবকা বিকাশ’ লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত চৰকাৰে সফলতা লাভ কৰিব পাৰে।


অনুষ্ঠানত বক্তব্য ৰাখি শক্তি বিভাগৰ ৰাজ্যিক মন্ত্রী তপন কুমাৰ গগৈয়ে ৰাজ্যখনত অবিৰত বিদ্যুৎ যােগানৰ নিশ্চিতিকল্পে চৰকাৰে ৰূপায়ণ কৰিবলগীয়া বিভিন্ন শক্তি প্রকল্পৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত যােৰহাট লােকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাইও ভাষণ প্রদান কৰে।
অনুষ্ঠানত বিধায়কসকল ক্ৰমে যােগেন মােহন, চক্ৰধৰ গগৈ, কুশল দুৱৰী, অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধ্যক্ষ জিষ্ণু বৰুৱা, চৰাইদেউ জিলাৰ উপায়ুক্ত বিৱেকানন্দ ফুকন, শিৱসাগৰ জিলাৰ উপায়ুক্ত গােপাল ঝাৰ উপৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল।


আনহাতে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মাইবেলাস্থিত লাকুৱা শক্তি প্রকল্প প্রেক্ষাগৃহত চৰাইদেউ জিলাৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান প্রতিনিধিৰ সৈতে এক মতবিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰে। এই মত-বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান প্রতিনিধিয়ে মুখ্যমন্ত্রী সম্বৰ্ধনা জ্ঞাপন কৰে। মুখ্যমন্ত্রীয়ে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ প্রতিনিধিৰ সৈতে ৰাজ্যখনৰ লগতে জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে।

No comments:

Post a Comment

SPONSORED