বিজেপি চৰকাৰৰ বিশ্বাস ঘাতকতাৰ প্ৰতিবাদ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 26, 2018

বিজেপি চৰকাৰৰ বিশ্বাস ঘাতকতাৰ প্ৰতিবাদ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ


গুৱাহাটী : অসম প্রদেশ মহিলা কংগ্রেছৰ সভানেত্রী শ্বেহনাজ য়েছমিনৰ নেতৃত্বত অসম প্রদেশ মহিলা কংগ্ৰেছৰ সকলাে কর্মীয়ে শনিবাৰে ৰাজীৱ ভৱনৰ চৌহদৰ বাহিৰত এক প্রতিবাদী কাৰ্য্যসূচী সম্পন্ন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী নেতৃত্বাধীন চৰকাৰৰ ৪ বছৰীয়া তথা অসমত সর্বানন্দ সােনােৱাল চৰকাৰৰ ২ বছৰীয়া বিশ্বাস ঘাতকতাৰ প্ৰতিবাদত, দেশজুৰি অস্বাভাৱিক হাৰত বৃদ্ধি পােৱা মহিলাৰ ওপৰত নির্যাতন, ধর্ষণ আৰু হত্যাৰ প্ৰতিবাদত আৰু পেট্রল, ডিজেলকে ধৰি নিত্য-ব্যৱহাৰ্য্য সামগ্ৰীৰ অস্বাভাবিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত এক বিশাল ‘সমদল’ উলিওৱা হৈছে।
উক্ত প্রতিবাদী কাৰ্যসূচী সমগ্র অসমতে বিজেপি চৰকাৰৰ মিঠ্যাচাৰৰ বিৰুদ্ধে প্রত্যেকখন জিলাত জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসকলে ধর্ণা কাৰ্যসূচী আৰু শােভাযাত্রা কৰে! অসম প্রদেশ মহিলা কংগ্রেছ তথা গুৱাহাটী মহানগৰ জিলা মহিলা কংগ্ৰেছৰ কৰ্মীসকলে মােডী চৰকাৰ তথা অসমৰ সৰ্বানন্দ চৰকাৰৰ বিৰুদ্ধে শুংকাৰ ধ্বনিৰে ৰাজীৱ ভৱনৰ পৰা এক বিশাল সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে।


অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীয়ে কয় যে - যদি প্রধানমন্ত্রী নৰেন্দ্ৰে মােডী ডাঙৰীয়াই অতি সােনকালে ডিজেল আৰু পেট্র’লৰ দাম কম নকৰে তেনেহলে মহিলা কংগ্ৰেছে এনে ধৰণৰ আৰু বিশাল কার্যসূচী হাতত ল'ব বুলি সকিয়াই দিয়ে আৰু যদি বিজেপি চৰকাৰে মহিলাৰ সুৰক্ষা দিব নােৱাৰে তেন্তে অতি সােনকালে তেওঁলােকে নিজৰ দোষ স্বীকাৰ কৰি গাদী এৰি দিব লাগে বুলি তেওঁ মন্তব্য কৰে। জাতি, মাটি, ভেটি ৰক্ষাৰ কৰা স্বার্থত গঠন কৰা সৰ্বানন্দ আৰু মােডী চৰকাৰখনে যদি নাৰীক সুৰক্ষা দিব নােৱাৰে, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাব নােৱাৰে তেন্তে অতি সােনকালে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী শেহনাজ য়েছমিন হ’কে সকিয়াই দিয়ে।

No comments:

Post a Comment

SPONSORED