গুৱাহাটী : পথচাৰী যুৱতীক অশ্লীল ইংগিত দি গণপ্ৰহাৰৰ সন্মুখীন হোৱাৰ লগতে ৰাজপথতে যুৱতীৰ চেণ্ডেলৰ কোব খাবলগীয়া হ'ল এজন লম্পট যুৱকে। এই ঘটনাটো সংঘটিত হৈছে আজি পুৱা নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওচৰত।ধিং গে’টৰ স্হানীয় লোকে জনোৱা মতে, আজি পুৱা এগৰাকী যুৱতীয়ে তেওঁৰ মাতৃৰ সৈতে নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওচৰেৰে গৈ থকা অৱস্থাত ৰেকিবুদ্দিন নামৰ যুৱক এজনে পথচাৰী যুৱতীগৰাকীলৈ লক্ষ্য কৰি বাৰম্বাৰ অশ্লীল ইংগিত দি থাকে।যুৱকজনৰ কাণ্ডত অতিষ্ঠ হৈ পৰা যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে এই কথা ধিং গে’টৰ একাংশ লোকক অৱগত কৰে। লগে লগেই স্হানীয় লোকে যুৱকজনক কৰায়ত্ত কৰি গণপ্ৰহাৰ শোধায়। আনকি যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়েও ধৃত যুৱকজনক ৰাজপথতে চেণ্ডেল খুলি লৈ তেওঁৰ গালত চৰ শোধায়।পাছত গণপ্ৰহাৰত লেবেজান হৈ পৰা যুৱকজনক স্হানীয় লোকে আৰক্ষীক গতাই দিয়ে। স্মৰ্তব্য যে, বিগত কিছুদিনৰ পৰা নগাঁও চহৰৰ বিভিন্ন পথ, উপপথ, দলং আদিত ৰৈ থকা একাংশ যুৱকে স্কুল-কলেজৰ ছাত্ৰী, যুৱতী, মহিলাক অশ্লীল ইংগিত দিয়া, অশ্লীল বাক্যবাণ নিক্ষেপ কৰা আদি ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰা দেখা গৈছে।
Responsive Ads Here
Sunday, May 27, 2018

যুৱকৰ গালত পৰিল যুৱতীৰ চেণ্ডেলৰ কোব
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment