উকিলসকলে সদায় অধিকাৰৰ বাবে মাত মাতে, কিন্ত দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি কিমান গুৰুত্ব দিয়ে : সিদ্ধাৰ্থ ভট্টাচাৰ্য্য
চিৰাং ব্যুৰ' : চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ কৰ্মচাৰী সন্থাৰ কাৰ্য্যালয়ৰ সভাকক্ষত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম উকিল সন্থাৰ পঞ্চম কাৰ্য্যনিৰ্ব্বাহক সভা। এই সভাত অংশগ্ৰহণ কৰে আইন আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। মন্ত্ৰীজনে উকিল সন্থাৰ কেবাটাও দাবী সমাধানৰ প্ৰতি সহাৰি জনাই কয় মই যিহেতু নিজেও এজন উকিল আছিলো আৰু থাকিম গতিকে সদায় আপোনালোকৰ সৈতে আছো। বিধায়ক হৈ থাকোতে সন্থাৰ সদস্য আছিলো কিন্ত মন্ত্ৰী হোৱাৰ লগে লগে মই প্ৰাক্তন সদস্য হবলগীয়া হৈছে। কাৰণ মই এতিয়া চৰকাৰত আছো।
নিজৰ উকালতি জীৱনৰ কিছু কথা কোৱাৰ লগতে তেওঁ কয় যে উকিল সকলে সদায় অধিকাৰৰ বাবে মাত মাতে, কিন্ত দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি উদাসীন। আমি উকিলসকলৰ ওপৰত সমাজ নিৰ্ভৰশীল। আমি ইচ্ছা কৰিলে সমাজ সলনি কৰি দিব পাৰো। আমি সমাজক উত্থান-পতন দুয়োটা কৰিব পাৰো। গতিকে আমি গুৰুত্ব সহকাৰে আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ থাকিব লাগিব।
তেওঁ বৰ্তমান সঘনাই হৈ থকা মৰেল পুলিচগিৰিৰ বিষয়ে কয় যে কঠোৰ আইন আছে এই ক্ষেত্ৰত। তেওঁ সংবাদ মাধ্যমকো এই ক্ষেত্ৰত মৰেল পুলিচৰ বিষয়সমুহ বাৰে বাৰে টিভিত নেদেখূৱাবলৈ কয়৷ কাৰন তেওঁলোকে উৎসাহিত হয় বুলি কয় মন্ত্ৰী জনে।
শিক্ষাৰ ক্ষেত্ৰত কয় ভাৰত-ভূটান সীমান্তৰ এলেকাবোৰত শিক্ষকসকল যাব নিবিচাৰে৷ তাৰ বাবে আমি ব্যৱস্থা লৈ আছো। অসমৰ ৫০খন কলেজত বিজ্ঞান বিষয়টো দিয়াৰ সুবিধা পাইছো। টেট পৰিক্ষা উত্তিৰ্ণ হোৱা মানেই চাকৰি পোৱা নহয়। য’ত প্ৰয়োজন হয়, তাতেহে শিক্ষক দিব পৰা যায়। বিটিচি টেটৰ বিষয়টো আমি বিটিচি কৰ্তৃপক্ষ আৰু টেট উত্তিৰ্ণ সন্থাৰে আলোচনাৰে সমাধানৰ চেষ্টা কৰিম। ইতিমধ্যে তেওঁলোক মোৰ ওচৰত আহিছিল। ইয়াত আমাৰ কিছু অসুবিধা আছে, যেনে বড়ো ভাষাৰ শিক্ষক আমি পোৱা নাই ,পদ আছে শিক্ষক নাই। গতিকে আমি এইবোৰ লাহে লাহে সমাধানৰ চেষ্টা কৰিম।
সদৌ অসম উকিল সন্থাৰ সভাপতি নুৰ ইচলাম চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সভাত সাধাৰণ সম্পাদক দীপক দাসে সভাৰ উদ্ধোধনী ভাষণ দিয়ে। অসমৰ ভিন্ন প্ৰান্তৰ পৰা বাৰ এছ’ছিয়েচনৰ পৰা উকিলসকলে অংশগ্ৰহণ কৰা এই ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত বহুকেইটা গুৰুত্বপুৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সন্থাৰ কাৰ্য্যালয়ৰ বাবে চৰকাৰৰ পৰা মাটী বিচৰা, সন্থাৰ ভৱিষ্যনিধি সম্পৰ্কে গুৰুত্বপুৰ্ন সিদ্ধান্ত গ্ৰহণ কৰে।
No comments:
Post a Comment