লামডিং : ৰেল নগৰী লামডিংখন এতিয়া অন্ধবিশ্বাসৰ গৰাহলৈ পৰিণত হ'বলৈ ধৰিছে৷ দিনে-নিশাই এতিয়া মাথো এটায়ে আতংক, সেয়া সোপাধৰা৷ একাংশ দুষ্ট চক্ৰই এতিয়া লামডিঙত অপপ্ৰচাৰ চলাইছে সোপাধৰাৰ৷ নিশা হ’লে কলা কাপোৰ পিন্ধি মানুহৰ চকু, কিডনি, কলিজা কাঢ়ি নিয়াৰ লগতে সৰু ল’ৰা-ছোৱালীক লৈ যোৱা এক উৰাবাতৰি প্ৰচাৰ কৰিছে৷
এনে উৰা বাতৰি সন্দৰ্ভত শুকুৰবাৰে নিশা স্থানীয় সাংবাদিকৰ দল এটাই লামডিঙৰ গাঁৱসমূহত উপস্থিত হৈ সকলোকে বুজাইছিল যদিও শনিবাৰে দিন দুপৰতে লামডিং ৰেল নগৰীৰ গাতে লাগি থকা ডিমাহাচাও জিলাৰ মান্দাদিচাত সোপাধৰাৰ নামত জঘন্য কাণ্ড সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে৷
মান্দাদিচাৰ ৰেলৱে ষ্টেচনত এজন অচিনাকি যুৱকক দেখাৰ লগে লগে গাঁৱখনত ৰাইজৰ মাজত হাহাকাৰ হয় সোপাধৰা বুলি৷ একাংশ ৰাইজে যুৱকজনক নিৰ্মম প্ৰহাৰ কৰে যদিও গাঁৱৰ ভিডিপি আৰু আৰক্ষী তৎতপৰতাত যুৱকজন ৰক্ষা পৰে৷ মান্দাৰদিচা আৰক্ষীয়ে যোৱা এসপ্তাহ ধৰি সজাগতা সভা কৰি আহিছে যদিও সোপাধৰাৰ আতংকই এতিয়া সকলোতে বিয়পি পৰিছে৷ বৰ্তমান মান্দাৰদিচা আক্ষীয়ে লামডিং ষ্টেচনৰ জি় আৰ পিক গতাই দিয়ে যুৱকজনক৷ হোজাই জিলাৰ প্ৰশাসনে এইক্ষেএত লামডিঙৰ সংবাদ মাধ্যমৰ লোকৰসকলক অতি শীঘ্ৰে গুৰুত্ব প্ৰদান কৰাৰ লগতে ৰ লগতে স্থানীয় ৰাইজকো উৰাবাতৰিত ভুল নাযাবলৈ আহ্বান জনায়৷
No comments:
Post a Comment