মৰাণত এনকেফেলাইটিছত গাঁওবুঢ়াৰ মৃত্যু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 23, 2018

মৰাণত এনকেফেলাইটিছত গাঁওবুঢ়াৰ মৃত্যু


মৰাণঃ মৰাণত এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। মৃত্যু হোৱা লোকজন মৰাণ ১নং লেঙেৰীৰ চৰকাৰী গাঁওবুঢ়া ডিম্বেশ্বৰ গগৈ (৮১)। শনিবাৰে বিয়লি ১-৩০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত লোকজনৰ মৃত্যু হয়। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
আনহাতে তেওঁৰ পত্নী সোণপাহী গগৈও অসুস্থ হৈ পৰাত মৰাণ মেডিকেল চেন্টাৰলৈ আনে যদিও স্বাস্থ্য অধিক অৱনতি ঘটাত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। ইফালে এই খবৰ বিয়পি পৰাত অঞ্চলটোত জাপানীজ এনকেফেলাইটিছৰ ভয়ত অঞ্চলবাসী কম্পিত হৈ পৰিছে।

No comments:

Post a Comment

SPONSORED