শিৱসাগৰত একেদিনাই ১৫১ খন হাতেলিখা স্মৃতিগ্রন্থ উন্মােচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 23, 2018

শিৱসাগৰত একেদিনাই ১৫১ খন হাতেলিখা স্মৃতিগ্রন্থ উন্মােচন

টেট উত্তীর্ণ শিক্ষকৰ সাহিত্য-সংস্কৃতি প্রতিযােগিতা সম্পন্ন

শিৱসাগৰ : প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্রতিভা বিকাশৰ বাবে আমগুৰি শিক্ষাখণ্ডৰ টেট উত্তীর্ণ প্রাথমিক শিক্ষক সমাজৰ উদ্যোগত অনুষ্ঠিত হােৱা সাহিত্য সংস্কৃতি প্রতিযােগিতাখনি অলপতে সফলভাৱে সামৰণি পৰে। এই প্রতিযােগিতাৰ সমান্তৰালকৈ ছাত্র-ছাত্রী আৰু শিক্ষকসকলে হাতেলিখি প্রস্তুত কৰা ১৫১ খন স্মৃতিগ্রন্থ একেদিনাই আনুষ্ঠানিকভাৱে উন্মােচন কৰা হয়। মুখ্য উন্মােচক দীপক বৰাৰ লগতে ভালেসংখ্যক শিক্ষক আৰু সমাজকর্মীয়ে এই স্মৃতিগ্রন্থসমূহ আনুষ্ঠানিকভাৱে উন্মােচন কৰে।
উল্লেখ্য যে শিক্ষাবিদ সুৰেশ চন্দ্ৰ বৰাই স্মৃতি তর্পনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই মত বিনিময় আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। ইন্দ্রজিত বৰগোঁহায়ে আঁতধৰা অনুষ্ঠানটোত সঞ্চালনা কৰে বিদ্যালয়সমূহৰ উপপৰিদৰ্শক তৃষ্ণা তাঁতীয়ে। অনুষ্ঠানত আমগুৰি শিক্ষাখণ্ডৰ সহ পৰিদৰ্শক উদয় ভাস্কৰ বৰা আৰু বব বৰগোঁহায়ে বক্তব্য আগবঢ়ায়। তদুপৰি শিক্ষক সন্মিলনীৰ টুটু বৰঠাকুৰ, জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ চামচুল বাৰিক, দিগন্ত গগৈ, ৰঞ্জিত বৰাকে আদি কৰি ভালেকেইগৰাকী বিষয়ববীয়াই বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত বিনন্দ দত্ত, ইমৰাণ আলী, ব্রজেন দাস, অৰুণ হাজৰিকাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্রহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা চিত্রাংকন প্রতিযােগিতাৰ ‘ক’ শাখাত অনুৰাগ গগৈ, গৰিমা গগৈ, উদ্দিপনা শইকীয়া আৰু আকাশ দত্তই প্রথমৰ পৰা চতুর্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। উদগনিমূলক বঁটা লাভ কৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে হিমাংশু শইকীয়া, ঋদ্ধিমান কাশ্যপ, প্রিয়াংশু শইকীয়া, ৰশ্মিৰেখা ফুকন আৰু গৌৰী গগৈয়ে।
‘খ’ শাখাৰ স্থান প্রাপ্তসকল ক্রমে দেৱাহুতি হাজৰিকা, প্রিন্সিপ্রিয়া বৰা বৈশ্য, অনুসূয়া তামুলী, চুমি নেওগ আৰু দৃষ্টিকাঞ্চনা বৰাই। উদগণিমূলক বঁটা লাভ কৰে মনশ্রীৰেখা ফুকন, স্নেহা গগৈ, অনন্যা ভূঞা, কংকনা ফুকন আৰু গৌৰী গগৈয়ে।
‘গ’ শাখাত সাগৰিকা ফুকন, সুনম দুৱাৰা, হিমা নেওগ, বিশ্বজিত গগৈ, বিতু দাসে স্থান লাভ কৰে। উদগনিমূলক বঁটা লাভ কৰে স্বপ্নীল দত্ত, দেৱকৃষ্ণা নেওগ, ৰিয়াশ্রী গগৈ, মিকু ফুকন আৰু নিৰিবিলি ফুকনে।ৰচনা প্রতিযােগিতাৰ ক’শাখাত অৰিন্দম বৰুৱা, মৈত্রীনাথ, অন্বেষাবৰা, গৌৰাংগ শইকীয়া আৰু স্নেহা শইকীয়াই স্থান লাভ কৰে। ‘খ’ শাখাত ক্রমে নয়নজ্যোতি বৰা, যশস্বী শইকীয়া, তাপস্বী শইকীয়া, হর্ষজিত বৰা আৰু ধৰণী দুৱৰাই স্থান লাভ কৰে।

No comments:

Post a Comment

SPONSORED