শিঙি খান্দি চোৰে নিলে ছয় মাহিলী পৰীক্ষাৰ উত্তৰ বহী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, June 24, 2018

শিঙি খান্দি চোৰে নিলে ছয় মাহিলী পৰীক্ষাৰ উত্তৰ বহী


বৰপেটা : বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত শুকমানাস্থৰ ২০০৩ ইং চনত স্থাপিত হোৱা আদৰ্শ জাতীয় বিদ্যালয়ত নিশা চোৰে শিঙি খান্দি কাৰ্যালয়ত প্ৰৱেশ কৰি প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে বৰ্তমানে চলি থকা ছয় মাহিলী পৰীক্ষাৰ উত্তৰ বহীসহ চুৰি কৰি নিয়াৰ উপৰি কাৰ্যালয় লণ্ড-ভণ্ড কৰাক লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিদ্যালয়ৰ অধ্যক্ষ চৈয়দ বছিৰ উদ্দিন আহমেদে জানিবলৈ দিয়া মতে চলি উক্ত পৰীক্ষাৰ প্ৰশ্ন কাকত চুৰি কৰিবলৈ কোনো দুস্কৃতিকাৰীয়ে বিদ্যালয়ত প্ৰবেশ কৰিছিল যদিও সুভাগ্য ক্ৰমে প্ৰশ্ন কাকত নিব পৰা নাই।
উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়াৰে দোষীক চিনাক্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে অঞ্চলৰ শৈক্ষিক সমাজ তথা সচেতন মহলৰ লগতে বিদ্যালয় পৰিচালনা সমিতিয়ে দাবী জনায়।



No comments:

Post a Comment

SPONSORED