মৰাণৰ খোৱাঙত বিধায়কৰ প্ৰৱেশ নিষেধ আছুৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 25, 2018

মৰাণৰ খোৱাঙত বিধায়কৰ প্ৰৱেশ নিষেধ আছুৰ

যুগান্ত দিহিঙীয়া, মৰাণঃ 
ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ পুৰণা এটি পথৰ জৰাজীৰ্ণ ৰূপে জীয়াতু ভোগাইছে ৰাইজক। খোৱাং চাৰিআলিৰ পৰা খোৱাং ঘাট হৈ চেনিমাৰীলৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা পথটো সম্প্ৰতি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।
বৃহত্তৰ খোৱাং অঞ্চলৰ মেৰুদণ্ড স্বৰূপ এই পথটোৱেদি কেইবাখনো বিদ্যালয় মহাবিদ্যালয়, বেংক, চিকিৎসালয় আদিলৈ অহা-যোৱা কৰে বহু লোক। পথছোৱাৰ দুয়োকাষে উন্মোক্ত নলা আৰু বাৰিষা হোৱাৰ লগে লগে নলাৰ পানীয়ে পথটোৰ বৃহৎ গাঁতবিলাকত পানী জমা হৈ মৰণফান্দ ৰূপী হৈ পৰিছে।
পথটো নিৰ্মাণৰ বাবে ২০০৪-২০০৫ চনৰ পৰা প্ৰস্তুতি চলাই থকা হৈছে যদিও আজি ১৪ বছৰে সম্পূৰ্ণ হৈ উঠা নাই পথটো। পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবীত বিভিন্ন সময়ত স্থানীয় ৰাইজ আৰু দল সংগঠনে পথ অৱৰোধৰ দৰে কাৰ্যসূচী লৈ আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।
আনহাতে পথটোৰ দুৰাৱস্থাক লৈ জাঙুৰ খাই উঠিছে আছুৰ নেতৃত্ব। আছুৰ ডিব্ৰুগড় জিলাৰ প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰে ‘সংবাদ প্ৰহৰী’ৰ আগত কয় যে— ঠিকাদাৰ আৰু জন প্ৰতিনিধিৰ হেমাহিৰ বাবেই পথছোৱা সম্পূৰ্ণ হৈ উঠা নাই। তেওঁ লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক সকিয়নি দি কয় যে পথটো শীঘ্ৰে মেৰামতিৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে খোৱাং অঞ্চলত বিধায়কজনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দৰে কাৰ্যসূচী লবলৈ বাধ্য হ'ব৷

No comments:

Post a Comment

SPONSORED