জাগুনত চাঞ্চল্যকৰ অপহৰন কাণ্ড : চতুৰ্থ দিনতো নাই শুংসুত্ৰ, আটক ১ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 11, 2018

জাগুনত চাঞ্চল্যকৰ অপহৰন কাণ্ড : চতুৰ্থ দিনতো নাই শুংসুত্ৰ, আটক ১

অসম-অৰুনাচল সীমান্তৰ পৰা উজ্জ্বল চৌধুৰীৰ সংবাদ :
উজনি অসমৰ তিনিচুকীয়া জিলাৰ জাগুন ফানেং গাঁৱত ৮ জুনত সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত সন্দেহযুক্ত উগ্ৰপন্থীৰ প্ৰায় ৬ জনীয়া এটা দলে ব্যৱসায়ী ৰাধা চেতিয়াৰ ফানেংস্থিত এলেকাত থকা চাহ বাগিছাত প্ৰৱেশ কৰি কৰ্তব্যৰত অৱস্থাত থকা গোপাল উপাধ্যায় নামৰ এজন কৰ্মচাৰীক অপহৰণ কৰি নিয়ে৷
ইফালে এই চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ আজি তিনিটা দিন উকলি যোৱাৰ পাছতো নিৰুদিষ্ট গোপাল উপাধ্যায়ৰ কোনো শুংসুত্ৰ বৰ্তমানেও আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম নোহোৱাত অতি উৎকন্ঠাৰে দিন অতিবাহিত কৰিব লগা হৈছে পৰিয়ালৰ লোক৷ দিন দুপৰতে এজন বাগিছাৰ কৰ্মচাৰীক অপহৰণ কৰি নিয়াৰ পাছতো অসম আৰক্ষীয়ে এইপৰ্যন্ত ব্যক্তিজনৰ কোনো সম্ভেত লাভ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যই অসম আৰক্ষীৰ নিস্ক্ৰিয়তাকে পুনৰবাৰ প্ৰতিফলিত কৰিছে৷
উল্লেখ্য যে এই অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত শনিবাৰে নিশা ১৩ নং অসম ৰাইফলচৰ এটা দলে হেমকান্ত বসুমতাৰি (বাবু) নামৰ এজন ব্যক্তিক জাগুন ফানেং গাঁৱৰ পৰা আটক কৰি লেখাপানী আৰক্ষী থানাত গতাই দিয়ে যদিওঁ ব্যক্তিজন প্ৰকৃততে এই অপহৰণ কাণ্ডৰ লগত জড়িত হয় নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ কিয়নো আটকাধীন ব্যক্তিজনে আৰক্ষীৰ আগত এতিয়াও কোনো কথা স্বীকাৰ কৰা নাই বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ৷
ইফালে এনে চেপা উত্তেজনাৰ মাজতেই দেওবাৰে আন এক উৰা বাতৰিয়ে অঞ্চলটিৰ সাধাৰণ ৰাইজক আতংকিত কৰি তুলাৰ খবৰ আহি পৰিছে৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অৰুণাচলৰ মানমৌ নামে ঠাইত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ পৰি থকাৰ খবৰ আৰক্ষীৰ হাতত আহি পৰে৷ আৰক্ষীয়ে পলম নকৰি ঘটনাস্থলীলৈ ৰাওঁনা হয় যদিও উক্ত স্থানত কোনো ধৰণৰ মৃতদেহ প্ৰত্যক্ষ নকৰে৷ পৰিয়ালৰ লোকে খবৰটোত যথেষ্ট ভাঙি পৰিছিল যদিও খবৰটো ভুৱা বুলি জনাৰ পাছতহে কিছু স্বস্তিৰ নিশ্বাস লয়৷
উজনি অসমৰ বিভিন্ন এলেকাত বিদ্ৰোহী সংগঠনসমূহৰ স্থিতি পূৰ্বৰ তুলনাত নিস্ক্ৰিয় তথা দুর্বল হোৱা বুলি বিভিন্ন সময়ত কেন্দ্রীয় গৃহ মন্ত্র্যালয়ৰ লগতে অসম আৰক্ষীয়ে দাবী উত্থাপন কৰি আহিছে যদিও আৰক্ষী প্রশাসনৰ চকুত ধূলি দি উজনি অসমৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত সহস্ত্ৰ বিদ্ৰোহী নগা উগ্ৰপন্থী সংগঠন এন এচ চি এনৰ লগতে আলফাৰ স্থিতি এতিয়াও যে সবল সেই কথা এনেবোৰ ঘটনাই প্ৰতীয়মান কৰি তুলিছে৷
উল্লেখ কৰিব পাৰি যে কিছুদিনৰ আগত জাগুন ফানেং গাঁৱৰ নিবাসী মঞ্জু মেছৰ জীয়াৰী কৰিস্মা মেছে আলফা (স্বা)ত যোগদান কৰা বুলি সেনাৰ চোৰাংচোৱা সুত্ৰ প্ৰকাশ কৰিছিল৷ যিয়ে এতিয়াও যে এলেকাটোত আলফাৰ স্থিতি সবল তাকেই প্ৰমান কৰিছে৷ নিজৰ স্থিতি সবলীকৰণৰ বাবে আলফাই সদস্য ভৰ্তি অভিযান অব্যাহত ৰখাৰ খবৰ পূৰ্বেও চোৰাংচোৱা বিভাগে অৱগত কৰি আহিছে যদিও অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহন কৰিব নোৱাটোৱেই ৰহস্যৰ আৱৰ্তত৷

No comments:

Post a Comment

SPONSORED