অচল সৰু আকৃতিৰ মুদ্ৰা : নীৰৱ প্ৰশাসন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 11, 2018

অচল সৰু আকৃতিৰ মুদ্ৰা : নীৰৱ প্ৰশাসন

লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ লাহৰীঘাট, বগলীপৰা, ধূপগুৰি, টেঙাগুৰি, কুশতলি, তিনিচুকীয়া, দাতিয়ালবড়ী আদি অঞ্চলসমূহত ক্ৰমান্বয়ে অচল হৈ পৰিছে সৰু আকৃতিৰ এটকীয়া মুদ্ৰা। লাহৰীঘাট দ্বি-সাপ্তাহিক বজাৰৰ লগতে ভিতৰুৱা বৃহৎ অঞ্চলসমূহৰ অধিকাংশ দোকান-পোহাৰ তথা একাংশ ব্যৱসায়ীয়ে গ্ৰাহকৰ পৰা সৰু এটকীয়া মুদ্ৰা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে, কোনো ধৰণৰ জাননী নোহোৱাকৈ ব্যৱসায়ী তথা দোকান পোহাৰ আদিয়ে স্ব-ইচ্ছাৰে এটকীয়া মুদ্ৰা গ্ৰহণ নকৰাত গ্ৰাহকসকল অস্বস্তিত পৰিছে। জানিব পৰা মতে, এই ক্ষেত্ৰত চৰকাৰে আজি পৰ্যন্ত কোনো ধৰণৰ অধ্যাদেশ জাৰি কৰা নাই। কিন্তু এচাম অসাধু ব্যৱসায়ী আনকি দোকান পোহাৰে সৰু আকৃতিৰ এটকীয়া মুদ্ৰা গ্ৰহণ নকৰাত গ্ৰাহক ৰাইজ বিপাঙত পৰা দৃষ্টিগোচৰ হৈছে।
জানিব পৰা মতে লাহৰীঘাটৰ সমান্তৰালকৈ ৰাজ্যৰ বহু প্ৰান্তত এচল হৈ পৰিছে সৰু আকৃতিৰ এটকীয়া মূদ্ৰা৷ সচেতন মহলে প্ৰধানমন্ত্ৰী মোদীৰ মুদ্ৰানীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰা এনে ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনৰ হস্তক্ষেপৰ দাবী তুলিছে। অৱশ্যে স্থানীয় প্ৰশাসনে এইক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আহিছে যদিও এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত স্থানীয় প্ৰশাসন যন্ত্ৰই কি পদক্ষেপ হাতত লয় সেয়া লক্ষণীয় হ’ব৷

No comments:

Post a Comment

SPONSORED