গুৱাহাটী : মহানগৰীৰ ডাউন টাউনৰ মথুৰা নগৰত আন এক মর্মান্তিক ঘটনা সংঘটিত হয়। এটা কুঁৱাত কাম কৰি থকা অৱস্থাতে শ্বাসৰুদ্ধ হৈ তিনিজনকৈ শ্রমিকে প্রাণ হেৰুৱাব লগা হয়। মৃত্যুমুখত পৰা ধুবুৰী জিলাৰ কান্দাপাৰা গাঁৱৰ বাসিন্দা শ্রমিককেইজন হ'ল— ফাৰজ আলী (৪০), হাবেল আলী (১৮) আৰু চানােৱাৰ হুছেইন (২৫)। ঘটনাৰ স্থান মহানগৰীৰ মথুৰা নগৰ। ডাউন টাউনৰ সমীপৰ এই মথুৰা নগৰৰ বাসিন্দা ডলি বেগম নামৰ এগৰাকী মহিলাৰ নতুন কুঁৱা এটা খন্দাৰ কামত নিয়ােজিত হৈছিল এই তিনিজন শ্রমিক। কুঁৱাটোৰ ভিতৰত এটা ৰিং মেৰামতি কৰি থকাৰ সময়তে ৰছী ছিগি যােৱাত কুঁৱাৰ ভিতৰত পৰি যায় হাবেল আলী আৰু চানােৱাৰ হুছেইন নামৰ শ্ৰমিক দুজন। এই দুজন শ্রমিকক উদ্ধাৰ কৰিবলৈ গৈ ঠিকাদাৰ ফাৰজ আলীও কুঁৱাটোৰ ভিতৰত পৰি যায়। প্রায় ১২০ ফুট কুঁৱাটোৰ ভিতৰত সােমাই পৰা শ্রমিক তিনিজনক উদ্ধাৰৰ বাবে কোনাে নথকাত দীর্ঘসময় যুঁজি অৱশেষত শ্বাসৰুদ্ধ হৈ তিনিও মুত্যুক সাৱটি লয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয়। স্থানীয় লােকৰ খবৰৰ ভিত্তিত দিছপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ এছ ডি আৰ এফ জোৱানৰ সহায়ত মৃতদেহ তিনিটা উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৬১/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।
Responsive Ads Here
Monday, June 11, 2018

মহানগৰীত কুঁৱা খান্দিবলৈ গৈ প্ৰাণ গ'ল ধুবুৰীৰ ৩ শ্ৰমিকৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment