অপ্ৰতিৰোধ্য ৰাফেল নাডাল : ১১ বাৰকৈ ফ্রেন্স অপেনৰ খিতাপ জয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 11, 2018

অপ্ৰতিৰোধ্য ৰাফেল নাডাল : ১১ বাৰকৈ ফ্রেন্স অপেনৰ খিতাপ জয়


ৱেব ডেস্ক : অভিলেখসংখ্যক একাদশবাৰৰ বাবে ফ্রেন্স অপেনৰ পুৰুষ শাখাৰ ছিংগলছৰ খিতাপ জয় কৰিলে স্পেইনৰ ৰাফেল নাডালে। ক্লে ক’র্ট কিং নাডালে চলিত বৰ্ষৰ গ্ৰেণ্ডশ্লামখনৰ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত স্পেইনৰে সতীর্থ ডমিনিক থিয়েমক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। 
ফ্রেন্স অপেনৰ খিতাপ জয় কৰি কেৰিয়াৰত গ্রেণ্ডশ্লামৰ সংখ্যা ১১লৈ বৃদ্ধি কৰিলে স্পেইনৰ তাৰকা খেলুৱৈগৰাকীয়ে। আজিৰ ২ঘণ্টা ৪২ মিনিটৰ ফাইনেল মেচখনত শীর্ষ বাছনিপ্রাপ্ত নাডালে থিয়েমক ৬-৪, ৬-৩, ৬-২ ছেটত পৰাস্ত কৰে। এই খিতাপ জয়ৰ মেচখনত সপ্তম বাছনিৰ থিয়েমে নাডালক বিশেষ প্রত্যাহ্বান জনাবলৈ সক্ষম হােৱা নাছিল। উল্লেখ্য যে নাডালে ইয়াৰ পূর্বে ২০০৫, ২০০৬, ২০০৭, ২০০৮, ২০১০, ২০১১, ২০১২, ২০১৩, ২০১৪ আৰু ২০১৭ চনৰ ফ্রেন্স অপেনৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।।

No comments:

Post a Comment

SPONSORED