"অসমীয়া মানুহ মৰিছে ভাল হৈছে" : বৰপেটাত গ্ৰেপ্তাৰ ১ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 11, 2018

"অসমীয়া মানুহ মৰিছে ভাল হৈছে" : বৰপেটাত গ্ৰেপ্তাৰ ১

বৰপেটা : ফেচবুকৰ জৰিয়তে ৰাজ্যত সোপাধোৰাৰ আতংক বিয়পোৱাৰ ফলত কাৰ্বি আংলঙত দুগৰাকী নিৰীহ যুৱকে মৃত্যুক আকোৱালি লোৱাৰ পিছত ফেচবুকৰ জৰিয়তে যাতে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব নোৱাৰে তাৰ প্ৰতি অধিক সক্ৰিয় হৈছে আৰক্ষী৷ কাৰ্বি আংলঙৰ দুৰ্ভাগ্যজনক ঘটনাৰ পিছত ফেচবুকত সাম্প্ৰদায়িক তথা সমাজ বিভাজিত কৰিব পৰা মন্তব্য দিয়াৰ অপৰাধত ৰাজ্যৰ কেইবাখন জিলাৰ পৰা কেইবাজনো লোক আটক হোৱাৰ সময়তে তেনে অপৰাধত অভিযুক্ত এগৰাকী যুৱক সোমবাৰে বৰপেটাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়৷ আটকাধীন যুৱকজন বৰপেটা থানাৰ অন্তৰ্গত বেতবাৰী পথাৰ গাঁৱৰ হজৰত আলীৰ পুত্ৰ বুলবুল হুছেইন (২৪) বুলি জানিব পৰা গৈছে৷
কাৰ্বি আংলঙত দুস্কৃতিকাৰীৰ হাতত নিহত হোৱা ৰাজ্যৰ দুই সম্ভাৱনা ক্ৰমে নীলোৎপল দাস আৰু অভিজিত নাথৰ মৃত্যুত ৰাজ্যবাসীয়ে ম্ৰিয়মান হোৱাৰ সময়ত বুলবুল হুছেইন নামৰ যুৱকজনে ফেচবুকত "অসমীয়া মানুহ মৰিছে ভাল হৈছে" আদি কেবাটাও সাম্প্ৰদায়িক মন্তব্য দিছিল৷ বুলবুল হুছেইনে আৰ ডি এক্স ৰিংকু নামৰ ভুৱা ফেচবুক একাউন্ট খুলি এনেকুৱা আপত্তিজনক মন্তব্য দিছিল৷
বৰপেটা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩ এ ধাৰাত ১২৪৫/১৮ নম্বৰত এটি গোচৰ ৰুজু কৰিছে৷ গ্ৰেপ্তাৰ হোৱা যুৱকজনে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াটো স্বীকাৰ কৰে৷ যুৱকজনক গ্ৰেপ্তাৰৰ পিছতে বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, বৰ্তমান ৰাইজে সংযমতাৰ পৰিচয় দিব লাগিব৷ কোনো উৰা বাতৰিত ভোল নাযাবলৈও ৰাইজক আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে৷


No comments:

Post a Comment

SPONSORED