নাগৰিকপঞ্জী উণ্ণীতকৰণ প্ৰক্ৰিয়াত বিসংগতি: ৰাষ্ট্ৰপতিক সাক্ষ্যৎ কংগ্ৰেছৰ ১৪ জনীয়া প্ৰতিনিধি দলৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 11, 2018

নাগৰিকপঞ্জী উণ্ণীতকৰণ প্ৰক্ৰিয়াত বিসংগতি: ৰাষ্ট্ৰপতিক সাক্ষ্যৎ কংগ্ৰেছৰ ১৪ জনীয়া প্ৰতিনিধি দলৰ


গুৱাহাটী : অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইৰ নেতৃত্বত সোমবাৰে অসম কংগ্ৰেজ বিধায়িনী দলৰ ১৫ জনীয়া এটা প্ৰতিনিধি দলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ ৰিপূন বৰা আৰু সাংসদ সুস্মিতা দেবে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উণ্ণীতকৰণ প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ বিষয়ে এখন স্মাৰক পত্ৰ দাখিল কৰে। প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতিক এই বিষয়টো সন্দৰ্ভত প্ৰকৃত নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত কিছু নিৰ্দিষ্ট পদক্ষেপ লবলৈ অনুৰোধ জনায়।
স্মাৰক পত্ৰত উল্লেখকৰা বিসংগতিসমূহৰ ভিতৰত এটা হ’ল— বিবাহিত মহিলাৰ ক্ষেত্ৰত পঞ্চায়তৰ প্ৰমান-পত্ৰ অগ্ৰাজ্য কৰিবলৈ ৰাজ্যিক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কতৃপক্ষই দিয়া নিৰ্দেশ, যিটো পিছত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে। ইয়াৰ উপৰিও নাগৰিপঞ্জী উণ্ণতীকৰণ আৰু বিদেশী ন্যায়াধিকৰণৰ কাৰ্য্যকলাপ সাঙুৰিবলৈ কৰা প্ৰচেষ্টাৰ কথা স্মাৰক পত্ৰত উল্লেথ কৰে।
শইকীয়াইৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে লগতে উল্লেখ কৰে যে বিভিন্ন সেৱাকেন্দ্ৰ বিষয়বৱীয়ালৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাৰ পৰা বাদ দিবলৈ বহু নামৰ এখন তালিকা প্ৰেৰণ কৰা হৈছে। ১৯৬৫, ১৯৬৬, ১৯৭০ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাৰ বাহিৰে ১৯৭১ চনৰ আগৰ আনবোৰ ভোটাৰ তালিকা ৰাজহুৱা নকৰাটো সন্দেহজনক কথা বুলি দলটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে।
যিসকল দৰিদ্ৰ তথা অশিক্ষিত লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰিব সেই সকলক বিনামুলীয়া আইনী সাহায্যকে ধৰি আন সা-সুবিধা প্ৰদান কৰিবলৈ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতিক অনুৰোধ জনায়। তাৰোপৰি প্ৰতি সেৱাকেন্দ্ৰ অথৱা আৰক্ষী থানা এলেকাত একোখনকৈ বিশেষ সমিতি গঠন কৰিব লাগে বুলি প্ৰতিনিধি দলটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে। এই সমিতিসমূহত সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ পঞ্চায়ত স্তৰৰ নিৰ্বাচিত সদস্যৰ লগতে অৱসৰপ্ৰাপ্ত আমোলা থাকিব লাগে।


স্মাৰক পত্ৰত এই কথাও কোৱা হৈছে যে ৰা্ট্ৰীয় নাগৰিকপঞ্জী উণ্ণীতকৰণৰ নিয়মাৱলী আখৰে-আখৰে পালন কৰিব লাগে আৰু প্ৰয়োজন অনুযায়ী এটা পৰিয়ালৰ এজন বা দুজন সদস্য ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰাৰ পৰা বাদ পৰিলে ‘ডি এন এ’ পৰীক্ষাৰ সহায় ল’ব লাগে।
প্ৰতিনিধি দলটোৱে অহাকালি ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত আৰু ভাৰতৰ গৃহমন্ত্ৰীক লগ ধৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰ্য্যসূচী আছে।
ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা অসম কংগ্ৰেছ বিধায়িনী দলৰ সদস্য সকল হৈছেঃ-
  • দেৱব্ৰত শইকীয়া
  • ৰকিবুল হুছেইন
  • আলহাজ ওৱাজেদ আলী চৌধুৰী
  • তৰুণ গগৈ
  • শুকুৰ আলী আহমেদ
  • আব্দুল খালেক
  • ৰূপজ্যোতি কুৰ্মী
  • মতিউৰ ৰহমান মণ্ডল
  • কমলাক্ষ্য দে পুৰকায়স্থ
  • আবুল কালাম ৰছিদ আলম
  • আলহাজ আব্দুৰ ৰছিদ মণ্ডল
  • জাকিৰ হুছেইন সিকদাৰ
  • ইলিয়াছ আলী
  • নুৰুল হুদা


No comments:

Post a Comment

SPONSORED