নিলোৎপল-অভিজিতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 11, 2018

নিলোৎপল-অভিজিতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান


কাৰ্বি আংলঙৰ ঘটনাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান : দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ

কোকৰাঝাৰ : প্ৰাকৃতিক অপৰূপ সৌন্দৰ্যৰ মাজত শব্দ সংগীতৰ সন্ধানত গৈ কাৰ্বি আংলং জিলাৰ ডকমকাত চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰতিভাৱান দুই অসম সন্তান অভিজিৎ নাথ আৰু নীলোৎপল দাস। সোপাধৰাৰ সন্দেহত এদল উন্মাদ প্ৰায় লোকে হানি খুচি অতি নৃশংসভাৱে হত্যা কৰা তথা জীৱনৰ শেষ উশাহলৈকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো ঘাতকসকলৰ হৃদয়ে স্পৰ্শ নকৰি হত্যাৰ বলি হোৱা এই হৃদয় বিদাৰক ঘটনাৰ উচিত তদন্ত দাবী কৰি কোকৰাঝাৰ চহৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদোগত আৰু কোকৰাঝাৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা, দ্য পিপলচ এইড আৰু বালাজান তিনালীস্থিত স্মাইল্চ্ ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত সোমবাৰে সন্ধিয়া ৬ বজাত এক মিনিট মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলনৰ লগতে অভিজিৎ নাথ আৰু নীলোৎপল দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক আখি বসুমতাৰীয়ে অপপ্ৰচাৰত যাতে কোনেও ভুল নাযায় আৰু কাৰ্বি আংলঙৰ ঘটনাক লৈ যাতে কোনো এটা জাতিক সাঙুৰিলৈ দোষ জাপি নিদিয়ে তাৰ বাবে সকলোকে আহ্বান জনাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে বিশ্ববিদ্যালয় ছাত্র একতা সভাই।


লিডুত কাৰ্বি আংলং কাণ্ডৰ ন্যায় বিচাৰি ৰাইজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

লিডু : যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত দুই নিৰীহ যুৱকক একাংশ দুস্কৃতিকাৰীয়ে অতি নিৰ্মমভাৱে হানি খুচি হত্যা কৰা ঘটনাই বৰ্তমান সমগ্ৰ ৰাজ্যতেই প্ৰৱল জোকাৰণিৰ সৃষ্টি কৰিছে৷ ৰাজ্যৰ চৌদিশে প্ৰকৃত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আৰম্ভ হৈছে বিভিন্ন প্ৰতিবাদ৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুতো সোমবাৰে স্থানীয় ৰাইজ তথা লিডুৰ একাংশ যুৱ সমাজৰ উদ্যোগত অকালতে প্ৰান হেৰুৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ উচিত বিচাৰ তথা আত্মাৰ চিৰশান্তিৰ কামনাৰে এক বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ অনুষ্ঠিতহয়৷
লিডু কলেজ তিনিআলিৰ শ্বহীদ বেদী তথা বাছ আস্থানত সন্ধিয়া ৬,৩০ বজাত লিডুৰ প্ৰায় ডেৰ শতাধিক যুৱক-যুৱতী তথা পুৰুষ মহিলা সমাগত হৈ যুৱক দুজনৰ আত্মাৰ সদগতিৰ কামনাৰে প্ৰত্যেকেই এডালকৈ বন্তি জ্বলোৱাৰ পৰিলক্ষিত হয়৷
কাৰ্যসূচীৰ সফল ৰুপায়নৰ ক্ষেত্ৰত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে লিডু অঞ্চলৰ অন্যতম সমাজসেৱক ক্ৰমে অমূল্য কুমাৰ বৰুৱা আৰু লক্ষ্যধৰ চৌধুৰী৷ সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি অমূল্য কুমাৰ বৰুৱাই অসমত যানে এনে অমানবীয় ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে সকলোকে সজাগ তথা সচেতন হৈ থাকিবৰ বাবে আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED