বিশ্ব বিনিয়োেগ সন্মিলনৰ সন্দৰ্ভত বৈঠক : প্ৰাৰম্ভিক পর্যায়ত ৩,৭৮২ কোটিৰ প্ৰকল্পৰ কাম আৰম্ভ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 11, 2018

বিশ্ব বিনিয়োেগ সন্মিলনৰ সন্দৰ্ভত বৈঠক : প্ৰাৰম্ভিক পর্যায়ত ৩,৭৮২ কোটিৰ প্ৰকল্পৰ কাম আৰম্ভ


গুৱাহাটী : যােৱা ৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত ‘এডভান্টেজ আসাম’ শীর্ষক বিশ্ব বিনিয়ােগ সন্মিলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যখনত ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অন্তৰ্গত ইতিমধ্যে ৩,৭৮২ কোটি টকাৰ বিনিয়ােগেৰে বিভিন্ন ঔদ্যোগিক প্রকল্প ৰূপায়নৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। সেইদৰে পর্যটন, কৃষি, স্বাস্থ্যকে ধৰি বিভিন্ন বিভাগৰ অধীনতাে বিনিয়ােগৰ কাম-কাজ আৰম্ভ হৈছে।
সোমবাৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ পৌৰােহিত্যত ‘এডভান্টেজ আসাম’ বিশ্ব বিনিয়ােগ সন্মিলনৰ কাম-কাজৰ অগ্রগতি পর্যালােচনাৰ বাবে অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগে সুকীয়া সুকীয়াকৈ নিজস্ব খণ্ডত বিনিয়ােগৰ বিষয়সমূহ মুখ্যমন্ত্ৰীক অৱগত কৰে।
উল্লেখ্য যে বিশ্ব বিনিয়ােগ সন্মিলনৰ সময়ত স্বাক্ষৰিত হােৱা ২৬৪ খন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৭৮,২০৮ কোটি টকা আৰু বিনিয়ােগৰ প্ৰতিশ্ৰুতিৰে ১৯,৯৫০ কোটি টকাৰে সৰ্বমুঠপ্রায় ১ লাখ কোটি টকাৰ বিনিয়ােগৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰে বিভিন্ন ঔদ্যোগিক গােষ্ঠীৰ পৰা লাভ কৰিছে।
পর্যালােচনামূলক বৈঠকত মুখ্যমন্ত্রী সােণােৱালে কয় যে— বিনিয়ােগৰ বাবে অহা বিভিন্ন উদ্যোগ প্রতিষ্ঠান সমূহে যাতে সহজে উদ্যোগ স্থাপনৰ বাবে প্রয়ােজনীয় সকলাে সুবিধা লাভ কৰে সেইটো নিশ্চিত কৰাৰ বাবে ইজ অৱ ডুৱিং বিজনেছ সার্থক ৰূপত ৰূপায়ণ কৰিব লাগিব। বিশেষকৈ ক্ষেত্র পর্যায়ত যাতে কোনাে উদ্যোগপতিয়ে অসুবিধাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে প্ৰতিটো বিভাগে সহযােগিতাৰ কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
উদ্যোগ স্থাপনৰ বাবে প্রয়ােজনীয় ভূমি সহজে লাভ কৰিব পাৰে সেই উদ্দেশ্যেৰে উদ্যোগ আৰু ৰাজহ বিভাগক যৌথভাৱে কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ইণ্ডাষ্ট্রিয়েল কৰিডৰৰ উপৰি ষ্টেট কেপিটেল ৰিজনত উদ্যোগ স্থাপনৰ বাবে প্রয়ােজনী ভূমিৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত স্থানীয় জনসাধাৰণক আস্থাত লৈ কাম কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বিভাগক নির্দেশ দিয়ে। এই ক্ষেত্ৰক কৃষক, যুৱ প্ৰজন্মৰ প্রতিনিধি, বিভিন্ন সংগঠনৰ লগত আলােচনা কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উদ্যোগ বিভাগক নিদের্শ দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত স্থাপন হ'বলগীয়া উদ্যোগ সমূহত যাতে স্থানীয় যুৱকৰ নিয়ােগ নিশ্চিত হয় সেই দিশত বিশেষ গুৰুত্ব আৰােপ কৰিব লাগিব। এই ক্ষেত্ৰত উদ্যোগিক প্রতিষ্ঠানসমূহৰ লগত আলােচনা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে এখন প্ৰদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আহিছে। কোনাে উদ্যোগে যাতে ৰাজ্যখনৰ পৰিৱেশ দূষিত কৰিব নােৱাৰে সেই দিশটো বিশেষ লক্ষ্য ৰাখিব লাগিব বুলিও কয়। কোনাে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত পৰিৱেশক প্ৰভাৱ পেলাব পৰা কাৰক সমূহ চিহ্নিত কৰি তাৰ আগতীয়া ব্যৱস্থা গ্ৰহণৰ বাবে উদ্যোগ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
বৈঠকত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলে ৰাজ্যখনত বিনিয়ােগ কৰিব বিচৰা উদ্যোগপতি সকলৰ লগত হােৱা বিভিন্ন পর্যায়ৰ আলােচনা, অগ্রগতি সম্পৰ্কত মুখ্যমন্ত্ৰীক অৱগত কৰে।
বৈঠকত উদ্যোগ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, উদ্যোগ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, মুখ্যমন্ত্রী প্রধান সচিব সঞ্জয় লােহিয়া প্রমুখ্যে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED