সৰভোগ-মানিকপুৰত ছাইবাৰ ক্ৰাইম আৰু এনআৰচি সন্দৰ্ভত সজাগতা সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 11, 2018

সৰভোগ-মানিকপুৰত ছাইবাৰ ক্ৰাইম আৰু এনআৰচি সন্দৰ্ভত সজাগতা সভা


মাণিকপুৰ : বৰপেটা জিলাৰ সৰভোগত বৰনগৰ কলেজত চাইবাৰ ক্ৰাইম সন্দৰ্ভত সৰভোগ আৰক্ষী থানাৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা।
সভাত সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমান অসমত দেখা দিয়া চাইবাৰ ক্ৰাইম অৰ্থাৎ ফেচবুক, মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত এক ভয়ানক পৰিবেশৰ সৃষ্টি হৈছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে— এনে এক ভয়ানক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ হলে প্ৰত্যেক জন ব্যক্তিৰ ভুমিকা আছে। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে এই সন্দৰ্ভত সজাগ হোৱাৰ সময় ওচৰ চাপি আহিছে। ফেচবুক আৰু মোবাইলৰ অসৎ ব্যৱহাৰে সমাজ খন ধ্বংসৰ পিনে গতি কৰিছে। সেয়েহে আমি সকলোৱে সজাগ হৈ সমাজ উদ্ধাৰ কৰাৰ সময় ওচৰ চাপি আহিছে। উক্ত সভাত কেবাজন সন্মানীয় ব্যক্তি উপস্থিত থকাৰ লগতে কলেজ খনৰো কেবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।


ইপিনে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আৰক্ষীৰ উদ্যোগত এন আৰ চি সন্দৰ্ভতো সজাগতা সভা অনুষ্ঠিত হয়৷ অহা ৩০ জুনত প্ৰকাশ হবলগীয়া এনআৰচিৰ দ্বিতীয় খন খচৰা প্ৰকাশৰ পিছত বাদ পৰা সকল যাতে শংকিত নহয় তাৰ বাবে সকলো পক্ষকে সজাক থকাৰ বাবে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে জিলা প্ৰশাসনে।
বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা প্ৰমুখ্যে সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে। উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনাই যিকোনো পৰিস্থিতিৰ মোকাবিলা হ’বলৈ আৰক্ষী সাজু বুলি জানিবলৈ দিয়ে।
ইফালে বঙাইগাওঁ জিলাৰ মানিকপুৰতো জিলা উপায়ুক্ত বাবুলাল শৰ্মাই এনআৰচি কেন্দ্ৰসমুহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈ আছে। এইক্ষেত্ৰত কোনো লোক শংকিত হোৱাৰ কাৰণ নাই বুলি ‘সংবাদ প্ৰহৰী’ক জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED