সৰভােগ অনুষ্ঠিত মহিলা সমাৰােহ : আত্ম-সহায়ক গােটলৈ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত চেক প্ৰদান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 25, 2018

সৰভােগ অনুষ্ঠিত মহিলা সমাৰােহ : আত্ম-সহায়ক গােটলৈ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত চেক প্ৰদান


মহিলা উদ্যোগীসকলক ৰাজ্যখনৰ বৃহৎ বজাৰ নিজৰ উৎপাদিত সামগ্ৰীৰে দখলৰ চেষ্টাত ব্ৰতী হ’বলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

সৰভোগ : ‘মহিলাসকলৰ মাজত অপাৰ শক্তি আছে। মহিলাসকলে এই শক্তি আৰু সামর্থৰ কথা অনুধাৱন কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত আগভাগ লােৱাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ দিশত সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। এখন শক্তিশালী সমাজ গঠনৰ বাবে মহিলাসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব লাগিব।
আজি কোকৰাঝাৰ লােকসভা সমষ্টিৰ অন্তৰ্গত সৰভােগ বিধানসভা সমষ্টিৰ সৰভােগ চহৰৰ মিনি ষ্টেডিয়ামত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ দ্বাৰা আয়ােজিত মহিলা সমাৰােহত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে মহিলা সকলৰ উত্তৰণৰ দিশত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে আৰু সেই আদৰ্শৰ দ্বাৰা অনুপ্রাণিত হৈ ৰাজ্য চৰকাৰেও ৰাজ্যখনৰ মহিলাসকলৰ উত্তৰণৰ দিশত এলানি ফলপ্রসু আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এই আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ মহিলাসকলক আহ্বান জনায়। জয়মতী, মূলাগাভৰু, কনকলতাৰ দৰে মহিয়সীনাৰীৰ বীৰত্ব আৰু দেশপ্রেম বােধৰ আদৰ্শৰে সমৃদ্ধ অসমৰ নাৰী শক্তিৰ যথেষ্ট দক্ষতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কনকলতা মহিলা সৱলীকৰণ আঁচনিখনৰ জৰিয়তে লাভ কৰা পুঁজি সদ ব্যৱহাৰ কৰি মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী হ’বলৈও আহ্বান জনায়। এই আঁচনিৰ প্ৰাৰম্ভিক ২৫,০০০ টকাৰ ঘূর্ণীয়মান পুঁজি উপযুক্ত কামত খটুৱাই সর্বোচ্চ পুঁজি ৫ লাখ টকালৈকে আহৰণ কৰি প্রতিটো আত্মসহায়ক গােটৰ মহিলা সদস্যা সকলে নিজৰ পৰিয়ালৰ উপৰি ৰাজ্যখনৰ অর্থনৈতিক উত্তৰণত ইতিবাচক বৰঙণি আগবঢ়াবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। এই আঁচনিৰ জৰিয়তে প্রতিযােগিতামূলক বাতাবৰণ গঢ়ি তুলি প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা মহিলা আত্ম-সহায়ক গােটলৈ ৰাজ্য চৰকাৰে ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱাৰ উপৰি বিদেশ ভ্রমণৰ সুবিধা প্রদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয় যাতে মহিলাসকলে বাহিৰৰ দক্ষতা প্রত্যক্ষ কৰি সেই দক্ষতাৰে নিজৰ ৰাজ্যখনকো আগুৱাই নিয়াৰ পথ প্রশস্ত কৰিব পাৰে।


উপভােক্তাৰ বিভিন্ন চাহিদা পূৰণ কৰিব পৰাকৈ ৰাজ্যখনৰ ভিতৰতে এখন বৃহৎ বজাৰ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মহিলাসকলক নিজৰ দক্ষতা অনুযায়ী উৎপাদন বৃদ্ধিৰ জৰিয়তে এই বজাৰ দখলৰ প্রচেষ্টাত ব্ৰতী হ’বলৈও আহ্বান জনায়। পূর্বৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ সৰ্বাংগীন উত্তৰণৰ দিশত সদিচ্ছাৰে কোনাে ধৰণৰ পৰিকল্পনা লােৱা নাছিল বুলি উল্লেখ কৰি পূৰ্বৰ চৰকাৰৰ দিনত ৰাজহুৱা ধন আত্মসাৎ কৰাৰ দৰে বহুতাে ঘটনা সংঘটিত হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত ৪.৫ লাখ ভূৱা জৱ কার্ড বৰ্তমানৰ চৰকাৰে বাতিল কৰাকে ধৰি সমাজ কল্যাণ বিভাগৰ ৯ লাখ অস্তিত্বহীন শিশুৰ নামত পুঁজি আত্মসাৎ কৰা পথ বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰূদ্ধ কৰিছে বুলিও কয়। বর্তমানৰ চৰকাৰৰ দুটা বছৰৰ কাৰ্যকালত চৰকাৰখনে সঁচা অৰ্থত দুর্নীতিৰ বিৰুদ্ধে নিষ্ঠাৰে অভিযান আৰম্ভ কৰি এক মূল্যবােধৰ আধাৰত স্বচ্ছ তথা নিকা প্রশাসন ব্যৱস্থা গঢ়ি তােলাৰ দিশত দৃঢ় পদক্ষেপ গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ৰাইজ বিশেষকৈ মহিলা সমাজক জাগ্রত প্ৰহৰীৰ ভূমিকা পালন কৰি চৰকাৰৰ প্রতিটো কামৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও কয়। পূর্বৰ চৰকাৰৰ শাসনকালত অসম বহু পৰিমাণে পিছুৱাই গৈছে বুলি উল্লেখ কৰি বৰ্তমানৰ চৰকাৰৰ দিনত অসম আৰু পিছপৰি নাথাকে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ইয়াৰ বাবে মহিলা সকলে উঠি অহা প্ৰজন্মক সঠিক পথৰ সন্ধান দি এক প্রতিযােগিতাৰ বাতাবৰণ গঢ়ি তােলাৰ দিশত অগ্রণী ভূমিকা পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে মহিলা সকলে সমাজৰ পৰা অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ নির্মূল কৰি বিজ্ঞানসন্মত সমাজ ব্যৱস্থা নিৰ্মাণৰ দিশতাে অগ্রণী ভূমিকা পালন কৰিব লাগিব বুলি কয়। এই ক্ষেত্ৰত মহিলাসকলে নিজৰ পুত্র-কন্যাক নীতি শিক্ষাৰে শিক্ষিত কৰি নৈতিকভাৱে সৱল চৰিত্ৰ নিৰ্মাণৰ দিশত গুৰুত্ব প্রদান কৰিব লাগিব বুলি কয়।


বর্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলাে জাতি-জনগােষ্ঠী তথা সকলাে অঞ্চলৰে সম বিকাশ আৰু সম উন্নয়নৰ ওপৰত গুৰুত্ব প্রদান কৰি বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি কেৱল বিগত দুবছৰতে ৰাজ্যখনত ২৪ লাখ শৌচালয় নির্মাণৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি, দক্ষতা উন্নয়ন, কৃষক, শ্রমিক ইত্যাদি সকলাে শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ দিশত বৰ্তমানৰ চৰকাৰে দৃঢ় পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ‘বেটি বচাও, বেটি পঢ়াও’ আঁচনিৰ জৰিয়তে কন্যা শিশুৰ উত্তৰণৰ দিশত বিশেষ পদক্ষেপ লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সমাজ নির্মাণত মহিলা সকলৰ শক্তিশালী ভূমিকাৰ কথা অনুধাৱন কৰি মহিলা উত্তৰণৰ দিশত কেতবােৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে বুলিও কয়। মুখ্যমন্ত্ৰীয়ে এসময়ৰ কোচ ৰাজ্যৰ অস্থায়ী ৰাজধানী তথা সৈনিক শিল্পী ব্রজনাথ শৰ্মাৰ স্মৃতি বিজড়িত বৰনগৰত অনুষ্ঠিত হােৱা মহিলা সমাৰােহৰ জৰিয়তে মহিলা সৱলীকৰণৰ দিশত ৰাজ্য চৰকাৰে লােৱা দৃঢ় পদক্ষেপৰ কথা সূচাইছে বুলিও কয়। মুখ্যমন্ত্ৰীয়ে এই মহিলা সমাৰােহত অংশ গ্রহণ কৰা প্রতি গৰাকী মহিলাকে নিজৰ নিজৰ কৰ্মভূমিলৈ গৈ এক নতুন উদ্যমেৰে কর্মত অৱতীৰ্ণ হৈ ৰাজ্যখনৰ অর্থনৈতিক উন্নয়নৰ দিশত বলিষ্ঠ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। ৰাজ্যখনৰ প্রতিটো জাতি-জনগােষ্ঠীৰ স্বকীয়তা আৰুমৰ্যাদাৰক্ষাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে নিষ্ঠাসহকাৰে কর্মত অৱতীৰ্ণ হৈছে বুলি উল্লেখ কৰি ভৱিষ্যতেও ৰাজ্যখনৰ সকলাে জাতি-জনগােষ্ঠীৰ স্বার্থ সুৰক্ষিতকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে দায়িত্ব সহকাৰে নিজৰ কর্তব্য পালন কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়। সেয়েহে, ৰাজ্যখনৰ কোনাে জাতি-জনগােষ্ঠীয়ে এই ক্ষেত্ৰত কোনাে ধৰণৰ শংকা কৰিব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ শান্তি-সম্প্রীতি অটুট ৰাখি সমন্বয়ৰ বাতাবৰণ গঢ়ি তােলাৰ বাবে মহিলাসকলক অগ্রণী ভূমিকা ল'বলৈ আহ্বান জনায় যাতে অসমৰ নৱ প্ৰজন্মই এক সুস্থ বাতাবৰণ আৰু কর্ম প্রেৰণা লাভ কৰিব পাৰে।
অনুষ্ঠানত ভাষণ দি পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই ৰাজ্য চৰকাৰে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত অতি শীঘ্ৰে মহিলা সৱলীকৰণৰ লেখীয়াকৈ পুৰুষ সৱলীকৰণৰ বাবে পুৰুষ আত্ম-সহায়ক গােট গঠনৰ পদক্ষেপ লােৱা হ'ব বুলি কয়। মন্ত্রী গৰাকীয়ে বর্তমানৰ ৰাজ্য চৰকাৰে হাতত লােৱা বিভিন্ন মহিলা সৱলীকৰণৰ আঁচনিৰ লগতে অন্যান্য সামাজিক নিৰাপত্তাৰ আঁচনি সমূহৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়।


বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ, বর্তমান হাউছফেডৰ অধ্যক্ষ তথা সৰভােগ সমষ্টিৰ স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসেও বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সমাজ পৰিৱর্তনৰ দিশত সূচনা কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বাখ্যা আগবঢ়াই বক্তব্য ৰাখে। গুৱাহাটী পৌৰ নিগমৰ উপ পৌৰপতি বিজুলি কলিতা মেধীয়েও কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ জৰিয়তে মহিলাসকলৰ উন্নয়ন অধিক ত্বৰান্বিত কৰাৰ বাবে লােৱা পদক্ষেপৰ সম্পৰ্কত আলােকপাত কৰে।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰ লােক সভা সমষ্টিৰ অন্তৰ্গত ২১ টা আত্ম-সহায়ক গােটলৈ কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত প্রত্যেকলৈ ২৫,০০০ টকাৰ ঘূর্ণীয়মান পুঁজিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখ্য যে এই আঁচনিৰ অধীনত কোকৰাঝাৰ লােক সভা সমষ্টিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাওঁ, বৰপেটা প্রশাসনিক জিলা সামৰি ১১.৪৬ কোটি টকা ব্যয়েৰে সৰ্বমুঠ ৭৪২৯ টা আত্ম-সহায়ক গােটলৈ এই আঁচনিৰ জৰিয়তে ২৫,০০০ টকাকৈ ঘূর্ণীয়মান পুঁজি আগবঢ়োৱা হয়৷
অনুষ্ঠানত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক নন্দিতা হাজৰিকা, অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধ্যক্ষা কৃষ্ণা বর্মন দাস, অসম ক্রীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষা কুইন ওজা, অসম ৰাজ্যিক মহিলা আয়ােগৰ উপাধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়লেট বৰুৱাকে ধৰি বিভিন্ন নিগম নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষ আৰু গণ্যমান্য ব্যক্তিয়ে অংশ গ্রহণ কৰে।

No comments:

Post a Comment

SPONSORED