বৰপেটা : বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলা বিপিএফ দলৰ সম উন্নয়নৰ প্ৰতি বিভিন্ন সময়ত গুৰুত্ব প্ৰদান কৰি থকাৰ সময়তে বিপিএফ দলৰ সৰভোগ সমষ্টিৰ প্ৰাথমিক কৰ্মীসকলৰ সহযোগত ১৩ বছৰীয়া ৰাজনৈতিকৰ এক দীঘলীয়া সংগ্ৰামত সমষ্টিৰ উন্নয়নৰ লগতে হিন্দু মুছলমানৰ মাজত শান্তি –সম্প্ৰীতি অব্যাহত আছে আৰু ভৱিষ্যতে এই একে মানসিকতা লৈ সংগ্ৰাম কৰি যোৱাৰ উদাহৰণ স্বৰূপে সৰভোগ সমষ্টিৰ অন্তৰ্গত কলহভাঙা গাঁও পঞ্চায়ত থকা হিন্দু-মুছলমানৰ ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানতো বিৰল নিদৰ্শন দেখুৱাবলৈ সক্ষম হয়।
দলটোৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী উন্নয়ন পুঁজি ৬ লাখ টকাৰ অনুদানেৰে ৰায়পুৰ আঞ্চলিক কবৰস্থানৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ আৰু একেখন পঞ্চায়তৰ অন্তৰ্গত বেঁকীপাৰ শ্ৰী শ্ৰী উমাৱতী আশ্ৰম প্ৰেক্ষাগৃহৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাম আৰম্ভ কৰা হয়৷
এই শুভাৰম্ভ অনুষ্ঠানত ২০ নং মথনগুৰী সমষ্টিৰ এমচিএলএ গৌতম দাস, বৰপেটা জিলা বিপিএফৰ সভাপতি প্ৰদীপ দেবনাথ, মথনগুৰী ব্লক কমিটিৰ সভাপতি খনিন্দ্ৰ ব্ৰহ্ম (গবলা), উপ-বৰপেটা জিলাৰ কোষাধ্যক্ষ আব্দুল ৰৌফ, সভাপতি মোজামমেল হক, প্ৰাইমাৰী সভাপতি ইকবাল হুছেইন, সাধাৰণ সম্পাদক মতিয়াৰ ৰহমান, আল্লাল উদ্দিন মাষ্টাৰ আদি কৰি বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি শান্তি-সম্প্ৰতিৰ সমূহীয়া উন্নয়নৰ বাৰ্তা আগবঢ়ায়। স্থানীয় লোকসকলে এনেধৰণৰ প্ৰচেষ্টাত বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফক ভূঁয়সী প্ৰশংসা কৰি শলাগ লয়।
No comments:
Post a Comment