ধেমাজি : বানে সৃষ্টি কৰিছে বিভীষিকাৰ। ইয়াৰ মাজতে ধেমাজি জিলাৰ গােগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জলসম্পদ মন্ত্রী কেশৱ মহন্ত আহিল ধেমাজিৰ কুৰিখনৰাে অধিক গাঁও বর্তমানেও জলমগ্ন হৈ খহনীয়া আৰু বান পৰিস্থিতিৰ বুজ ল’বলৈ। কেশৱ মহন্তৰ ইন’ভা হৈ বিভাগীয় বিষয়াসকলৰ সৈতে নিশা ১১ বজাপর্যন্ত বৈঠকত বহাৰ পাছত বৃহস্পতিবাৰে পুৱা মন্ত্রী কেশৱ মহন্ত ওলাল খহনীয়া আৰু বান পৰিস্থিতি চাবলৈ। লগত সাংসদ প্রদান বৰুৱা আৰু ধেমাজি সমষ্টিৰ বিধায়ক ৰণােজ পেণ্ড। প্রথম লক্ষ্য জোনাই সমষ্টিৰ অন্তৰ্গত পাণবাৰী ঘাট। এই ঘাটত বিগত কেইদিনত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিধ্বস্ত পথেৰে মন্ত্ৰীৰ গাড়ী গৈ মথাউৰিত উঠিল। মথাউৰিত কিছু দূৰ আগুৱাই কেণা লাগিল মন্ত্রী কেশৱ মহন্ত উঠি যােৱা ইন’ভাখনত। কাৰণ গাড়ীখনৰ চকা মথাউৰিৰ বােকাত বেয়াকৈ আবদ্ধ হৈ পৰিল। উপায়হীন মন্ত্রী মথাউৰিত এইবাৰ আগবাঢ়িল খােজেৰে। কিছুদূৰ গৈয়ে অৱশ্যে জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে ব্যৱস্থা কৰা বাইকত উঠি প্রতিকুল বতৰকো নেওচি মন্ত্রীয়ে চালে ব্ৰহ্মপুত্ৰৰ খহনীয়া। পাণবাৰীৰ খহনীয়াপীড়িত স্থানতে স্থানীয় ৰাইজৰ মত বিনিময় কৰি সমাধানৰ বাবে বিষয়াসকলৰ সৈতে কথা-বার্তাত মিলিত হয়। পাণবাৰীলৈ যাওঁতে যিহেতু ইন’ভা বােকাত সােমাল, সেয়ে এইবাৰ ইন’ভা এৰি এখন পুৰণি বলেৰত উঠি বালিজানত। গাইনদীৰ খহনীয়া পর্যবেক্ষণ কৰিবলৈ উভতিল মন্ত্রী কেশৱ মহন্ত। খহনীয়া প্ৰতিৰােধৰ বাবে এসপ্তাহত প্রাক্কলন জমা দিয়াৰ নির্দেশ
মন্ত্রী কেশৱ মহন্তৰ ‘ধেমাজিতেই নহয় অসমৰ সকলাে জিলাতে ছিগা মথাউৰিসমূহ নির্মাণৰ কাম বাৰিষাৰ পূর্বেই সম্পূর্ণ কৰাৰ লগতে ৰাজ্যখনৰ সকলাে দুর্বল মথাউৰি সবলীকৰণৰ কামাে প্রায় সম্পূর্ণ কৰা হৈছে।'—এই মন্তব্য অসম চৰকাৰৰ জলসম্পদ দপ্তৰ মন্ত্রী কেশৱ মহন্তৰ। ধেমাজি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লােৱাৰ লগতে বিভাগীয় মথাউৰিসমূহ পৰিদৰ্শনৰ উদ্দেশ্যে কালি। ধেমাজিত উপস্থিত হােৱা মন্ত্রীগৰাকীয়ে পােনে পােনে জোনাই বিধানসভা সমষ্টিৰ দিজমূৰ-সােণাৰি মথাউৰিৰ পাণবাৰী খহনীয়া অংশ। আৰু গাইনদীৰ বালিজানৰ খহনীয়া অংশ পৰিদৰ্শন কৰে। লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, জিলাখনৰ দুই বিধায়ক ডাঃ ৰণােজ পেগু আৰু ভুবন পেগুৰ লগতে বিভাগীয় শীর্ষ বিষয়াক লগত লৈ মন্ত্রীজনে বিগত বৰ্ষৰ ১৬ আগষ্টত ধেমাজিৰ চকুলাে জীয়াধল নৈয়ে সর্বস্বান্ত কৰা। জীয়াধল-কুমতীয়া মথাউৰি পৰিদৰ্শন কৰে। মন্ত্রীজনে গােহাঁই চাপৰিৰ কুমতীয়া নৈৰ পকী দলঙৰ পৰা বিধায়ক ডাঃ ৰণােজ পেগুৰ মটৰচাইকেলত উঠি কুমতীয়া নৈৰ বাঁওপাৰৰ মথাউৰিৰ মেৰামতি কৰা আদর্শ গাঁৱৰ ছিগা। অংশ আৰু কুমতীয়া মথাউৰিৰ সম্প্ৰসাৰণ কৰি নিৰ্মাণ কৰা পেহীয়তী গাঁও আৰু ৰতুৱা-গুড়থালি অংশও মটৰচাইকেলত উঠি সাংসদগৰাকীৰ লগত পৰিদৰ্শন কৰে। মন্ত্রী মহন্তই দিজমূৰ-সােণাৰিৰ পাণবাৰী খহনীয়া অংশ পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰে মত বিনিময়ৰ অন্তত উক্ত খহনীয়া প্রতিৰােধৰ বাবে এসপ্তাহৰ ভিতৰত প্ৰাককলন প্রস্তুত কৰি বিভাগক নির্দেশ দিয়ে। উল্লেখ্য, জলসম্পদ বিভাগে এইবাৰ বিগত বৰ্ষত জীয়াধলৰ প্রলয়ংকৰী বানে উটুৱাই নিয়া কুমতীয়া আদর্শ গাঁৱৰ ছিগা অংশ এছ অ’ পি ডি আঁচনিৰ অধীনত ৪.৯৯ কোটি টকাৰে নির্মাণ সম্পূর্ণ কৰাৰ উপৰি সমগ্র মথাউৰিৰ মেৰামতি কৰিছে। তদুপৰি কুমতীয়া মথাউৰিৰে বাঁওপাৰৰ পেহীয়তী অংশ প্রায় ২২শ মিটাৰ আৰু ৰতুৱা-গুড়থালি অংশ প্রায় ১১শ মিটাৰ দহ কোটি টকাৰে সম্প্ৰসাৰণৰ প্রায় সম্পূর্ণ কৰি তুলিছে। আনহাতে জিলাখনৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও গােগামুখ ৰাজহ চক্ৰৰ অধীনৰ কুমতীয়া নৈৰ বানে বিধ্বস্ত কৰা বৰদৈবাম অঞ্চলৰ বহু লােক বানৰ কবলত পৰি ওখ ঠাই, পথত আশ্ৰয় লৈ থাকিবলগীয়া। হৈছে। জিলা প্রশাসনে বেয়াকৈ ক্ষতিগ্রস্ত বৰদৈবাম এলেকাৰ লােকৰ বাবে বৰদৈবাম প্রাথমিক বিদ্যালয়ত আশ্রয় শিবিৰ স্থাপন কৰিছে। জিলাখনত প্ৰথমটো বানত দহ সহস্রাধিক লােকৰ ঘৰ-বাৰী, খেতিপথাৰ ক্ষতিগ্রস্ত হােৱা বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment