অৱশেষত চাৰি মাহৰ দৰমহা মােকলাই দিলে ঠিকাভিত্তিক শিক্ষকৰ
চাকৰি নিয়মীয়াকৰণৰ দাবীত লক্ষীধৰ বৰ ক্ষেত্ৰত টেট শিক্ষকৰ বিক্ষোভ
গুৱাহাটী : প্রাপ্য দৰমহাৰ দাবীত ৰাজ্যজুৰি শিক্ষকসকলে কৰা আন্দোলনত অৱশেষত গা লৰিল শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্য। ঠিকাভিত্তিক শিক্ষকসকলৰ চাৰি মাহৰ বকেয়া দৰমহা বৃহস্পতিবাৰে মােকলাই দিয়া বুলি ঘােষণা কৰিছে শিক্ষামন্ত্রীজনে। গুৱাহাটী কমার্চ কলেজৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত ভট্টাচার্যই অৱশেষত চাৰি মাহৰ দৰমহা মােকলাই দিলে কয় যে চাৰি মাহৰ ধন ইতিমধ্যে মােকলাই দিয়া হৈছে। এইক্ষেত্ৰত ঠিকাভিত্তিক শিক্ষকসকলৰ শংকাৰ কোনাে কাৰণ নাই। উল্লেখ্য যে বিগত বাজেটত ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথা ঘােষণা কৰা হৈছে। কিন্তু বিগত চাৰি মাহে বর্ধিত হাৰত দৰমহা লাভ কৰা নাছিল ঠিকাভিত্তিক শিক্ষকসকলে ফলত ৰাজ্যজুৰি দৰমহা মােকলাই দিয়াৰ দাবীৰে তেওঁলােকে প্রতিবাদ সাব্যস্ত কৰে। একে সময়তে পুঁজিৰ অভাৱত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰ অপাৰগ বুলিও শিক্ষামন্ত্রীজনে সদৰী কৰিছিল। ইয়াক লৈ শিক্ষকসকলৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হয়। এই সন্দৰ্ভতে প্রতিক্রিয়া প্ৰকাশ কৰি শিক্ষামন্ত্রীজনে কয় যে স্থায়ী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা থকা ঠিকাভিত্তিক শিক্ষকসকলে আবেদন কৰিব পাৰিব।
No comments:
Post a Comment