ধূপগুৰিত আৰক্ষী-প্ৰশাসনৰ সহযোগত সজাগতা সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 21, 2018

ধূপগুৰিত আৰক্ষী-প্ৰশাসনৰ সহযোগত সজাগতা সভা


লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি চাৰিআলিত লাহৰীঘাট আৰক্ষী থানাৰ সহযোগত বৃহস্পতিবাৰে বিয়লি প্ৰায় তিনি বজাত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সমাজত অব্যাহত থকা সোপাধৰা, এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নাথাকিলে হ’ব পৰা বিপদ আদি উৰা বাতৰি প্ৰতিৰোধ কৰা সন্দৰ্ভত অনুষ্ঠিত সভাখনত শতাধিক অঞ্চলবাসী ৰাইজে অংশগ্ৰহণ কৰে।
সভাখনত লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্রসেনজিৎ দাসে এনে উৰা বাতৰিত ভূল নাযাবলৈ অঞ্চলবাসী ৰাইজক সজাগ হ’বলৈ অনুৰোধ জনায়। ইয়াৰোপৰি সোপাধৰা সন্দৰ্ভত ডকমকাৰ জঘন্য কাণ্ডৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।
ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে যে— এন আৰ চিৰ কাম-কাজ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি আছে আৰু কোনোপধ্যেই কোনো বাংলাদেশীৰ নাম অন্তৰ্ভূক্ত বা কোনো প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন কৰা নহয়। আনকি অলপতে সংঘটিত হৈ যোৱা কাৰ্বি আংলঙৰ ডকমকাত সোপাধৰা আধাৰত নিজা ৰচিত কবিতা আবৃত্তি কৰিও ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰে।
অন্যহাতে কোনো দুষ্টচক্ৰই এনে উৰা বাতৰি বিয়পোৱা তথা আন অপৰাধজনিত কাম-কাজ সংঘটিত কৰিলে কঠোৰ হাতেৰে দমন কৰিবলৈ বাধ্য থাকিব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে ব্যক্ত কৰে। সভাখনত স্থানীয় আৰক্ষীৰ অন্তৰ্গত ভি ডি পিৰ সভাপতি-সম্পাদকসকলৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।



No comments:

Post a Comment

SPONSORED