মৰাণ : ৰেগিঙৰ নামত দুজনকৈ নৱাগত ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উতপ্ত হৈ পৰে মৰাণৰ আগশাৰীৰ শিক্ষানুষ্ঠান মৰাণ জুনিয়ৰ কলেজ। ডিব্ৰুগড় জিলাৰ মৰাণৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান মৰাণ জুনিয়ৰ কলেজত ৰেগিঙক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এনে অভাৱনীয় পৰিস্থিতি৷ শিক্ষানুষ্ঠানখনত চলিত বৰ্ষৰ শিক্ষাদান আৰম্ভ হোৱাৰ পাছৰে পৰা দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক ৰেগিঙৰ নামত শাৰীৰিক আৰু মানসিকভাৱে শাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷
অভিযোগ অনুসৰি চলিত বৰ্ষত একাদশ শ্ৰেণীত নামভৰ্তি কৰা আফতাবুৰ ৰহমান আৰু ঋষভ কোঁৱৰ নামৰ ছাত্ৰ দুজনক বিগত কেইবাদিনো ধৰি শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰি আহিছে দ্বাদশ শ্ৰেণীৰ একাংশ ছাত্ৰই৷ বৃহস্পতিবাৰেও পুনৰ আফতাবুৰ ৰহমানক শ্ৰেণীকোঠাতে দলবদ্ধভাৱে প্ৰহাৰ কৰে একাংশ ছাত্ৰই৷
বিভিন্ন অজুহাতত ছাত্ৰ কেইজনক প্ৰহাৰ কৰি অহাৰ বিষয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষক ছাত্ৰকেইজনে অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰকেইজনে৷ ফলত একাংশ নৱাগত ছাত্ৰ, অভিভাৱক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাংশ সদস্যই এনে ৰেগিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰাৰ দাবীত মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰশান্ত দত্তক ঘেৰাও কৰে৷
No comments:
Post a Comment