বিশিষ্ট শিক্ষাবিদ অনুবাদক ড° প্রফুল্ল কটকীৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 06, 2018

বিশিষ্ট শিক্ষাবিদ অনুবাদক ড° প্রফুল্ল কটকীৰ দেহাৱসান

গুৱাহাটী : সাহিত্য অকাডেমি বঁটা প্রাপক বিশিষ্ট শিক্ষাবিদ অনুবাদক ড° প্রফুল্ল কটকীৰ মংগলবাৰে গুৱাহাটীৰ ডাউন টাউনহাস্পতালত মৃত্যু হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কটকীয়ে যােৱা বুধবাৰে নুনমাটিৰ কৈলাসনগৰৰ নিজা বাসভৱনত বাথৰুমত পৰি মুৰত আঘাত পায়। পৰিয়ালৰ লােকে ড° কটকীক ডাউন টাউন হাস্পতালত ভৰ্তি কৰায়। সেইদিনাৰে পৰা ডাউন টাউন হাস্পতালত চিকিৎসাধীন হৈ থকা শিক্ষাবিদ ড° কটকীৰ মংগলবাৰে দিনৰ ১১.১৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। ড° প্রফুল্ল কটকীয়ে ১৯৩৪ চনত যােৰহাটৰ তিতাবৰৰ ডফলাটিং বাগিচাৰ ডিম্বেশ্বৰ শৰ্মা কটকীৰ ঘৰত জন্মগ্রহণ কৰিছিল। এলেঙি প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰা ড° কটকীয়ে ১৯৫০ চনত যােৰহাট চৰকাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল। যােৰহাটৰ জে বি কলেজৰ পৰা আই এ পৰীক্ষাতাে ৰাজ্যৰ ভিতৰত পঞ্চম স্থান লাভ কৰি ড° কটকী উত্তীর্ণ হােৱাৰ পিছত ১৯৫৫ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বিশিষ্ট শিক্ষাবিদ ড° কটকীয়ে ১৯৬৫ চনত কিছুদিনৰ বাবে যােৰহাটৰ জে বি কলেজত অধ্যাপনা কৰিছিল যদিও উক্ত বছৰতে গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যােগদান কৰে। ১৯৯৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৬৩ চনত বিনীতা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ড° কটকীয়ে অধ্যাপনাৰ সমান্তৰালকৈ বিভিন্ন ভাষাৰ ৫০খনৰাে অধিক বিশ্ববিখ্যাত গ্রন্থ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ লগতে কেইবাখনাে যুগান্তকাৰী মৌলিক গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি গৈছে। তেওঁ অনুবাদ কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযােগ্য গ্রন্থসমূহ ক্রমে— আন্দ্রে মৰােৱাৰ প্রেম নিবেদন, পার্ল এছ বাকৰ ‘দ্য গুড আর্থ’, বাল্টাছাৰ। গ্রেছিয়ান যথার্থ ভদ্রলােক, লুচি মই আহি আছোঁ, এলবার্ট আইনষ্টাইনৰ শতাব্দীৰ সূর্য’ পার্ল এছ বাকৰ অমৰপুৰৰ প্রেম গাথা, লিন ফুটাঙৰ ‘এলাহৰ গুণ-যশ আৰু অন্যান্য’, ‘জীৱন বােধ’ ছেমুৱেলছ স্মাইলছৰ ‘মিতব্যয়িতা’ জন। ষ্টেইনবেকৰ 'মুকুতা’ দেৱব্ৰত দাসগুপ্তৰ বিজ্ঞানৰ সাধক’ জিমছ ষ্টভালৰ চিৰন্তন প্রজ্ঞা’ৰ উপৰি ‘প্রায়ােগিক সমীক্ষা ‘সাহিত্য বিচাৰ’কে ধৰি দুকুৰিৰাে অধিক গ্রন্থ অনুবাদ আৰু ৰচনা কৰিছিল। অসমৰ অনুবাদ সাহিত্যৰ অন্যতম। বাটকটীয়া ৰূপে পৰিচিত ড° প্রফুল্ল কটকীয়ে শর্মিষ্ঠা প্রীতমৰ ‘ছান অন মাই ফেচ’ গ্রন্থখনাে ইংৰাজীলৈ অনুবাদ কৰিছিল। বিশিষ্ট শিক্ষাবিদ ড° কটকীয়ে গুৱাহাটীৰ নুনমাটিৰ কৈলাস নগৰত স্থায়ীভাৱে বসবাস কৰি আছিল যদিও ৪ মাহ পূর্বে ষ্ট্ৰ’কত আক্রান্ত হােৱাৰ পিছৰে পৰা পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত ফ্লেটত থাকিবলৈ লয়। দুমাহ পূর্বে ড° কটকীৰ শৰীৰত পেচমেকাৰ স্থাপন কৰা হৈছিল। অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° কটকীয়ে অৱশেষত আজি নিয়তিৰ ওচৰত হাৰ মানিলে। মৃত্যুৰ সময়ত ড° কটকীয়ে পত্নী বিনীতা দেৱী, একমাত্র পুত্র, দুগৰাকী জীয়ৰীৰ লগতে বহু আত্মীয়-স্বজনক এৰি যায়। সন্ধিয়া অসংখ্য গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ অন্ত্যেষ্টিক্রিয়া নৱগ্রহ শ্মশানত সম্পন্ন কৰা হয়।বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° প্রফুল্ল কটকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে গভীৰ শােক প্রকাশ কৰে। এক শােকবার্তাত মুখ্যমন্ত্রী সােণােৱালে কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমৰ সাহিত্য তথা শিক্ষা জগতলৈ যি বহুমূলীয়া অৱদান আগবঢ়াই গ'ল সেয়া অসমৰ জনসাধাৰণৰ লগতে বিদ্বৎ সমাজে শ্ৰদ্ধাৰে স্মৰণ কৰিব। সাহিত্য অকাডেমি বটা প্রাপক তথা বিদগ্ধ পণ্ডিতগৰাকীয়ে কেইবাখনাে মূল্যৱান গ্রন্থ ৰচনা কৰাৰ উপৰি বিশ্ব সাহিত্যৰ একাধিক গ্রন্থ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্য বিভাগৰ প্রাক্তন মুৰব্বী অধ্যাপক হিচাপেও তেওঁ ৰাজ্যখনৰ বিদ্যায়তনিক দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে। মুখ্যমন্ত্রী সােণােৱালে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড° কটকীৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনােৱাৰ লগতে শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

SPONSORED