গুৱাহাটী : এইবাৰ ৰকিবুল হুছেইনৰ শিক্ষাগত অর্হতাক লৈ প্রশ্ন উত্থাপন কৰিছে অনিল ৰাজাই৷ ৰকিবুল হুছেইনৰ অবৈধ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ পৰা দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাত গোচৰ তৰালৈ প্রাক্তন মন্ত্রীগৰাকীৰ বিৰুদ্ধে যুযুুধান স্থিতি অব্যাহত ৰাখিছে ৰাজাই৷
আজি এখন সংবাদমেলৰ আয়োজন কৰি অনিল ৰাজাই অভিযোগ কৰিছে যে শিক্ষাগত অর্হতাক লৈও ৰকিবুল হুছেইনে জালিয়াতিৰ আশ্রয় লৈছে৷ প্রাক্তন মন্ত্রীজনৰ স্নাতক ডিগ্রীক লৈ প্রশ্ন উত্থাপন কৰিছে অনিল ৰাজাই৷ সংবাদমেলত ৰাজাই অভিযোগ কৰিছে যে ৰকিবুল হুছেইনৰ স্নাতক ডিগ্রী ভুৱা৷
সংবাদমেলত ৰাজাই অভিযোগ কৰে যে ৰকিবুল হুছেইনে নগাঁও কলেজৰ পৰা ১৯৮৮ চনত স্নাতক উত্তীর্ণ বুলি নির্বাচনৰ শপতনামাত উল্লেখ কৰিছে যদিও ৰকিবুলে স্নাতক শিক্ষা গ্রহণৰ কোনো তথ্য নগাঁও কলেজত নাই৷ আৰ টি আইৰ তথ্য দাঙি ধৰি ৰাজাই সংবাদমেলত কয়– ‘ৰকিবুল হুছেইনে নগাঁও কলেজত উচচতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভর্তি কৰিছিল৷ নগাঁও কলেজত ১৯৭৯-৮০ বর্ষত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাইট ছিফটত পঢ়িছিল৷ উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁ তৃতীয় বিভাগত উত্তীর্ণ হৈছিল৷ তৃতীয় বিভাগত উচ্চতৰ মাধ্যমিক উত্তীর্ণ হৈ তেওঁ এম বি বি এছ পঢ়িবলৈ গৈছিল৷ কিন্তু নোৱাৰিলে৷ শপতনামাত ৰকিবুলে ১৯৮৮ চনত নগাঁও কলেজৰ পৰা স্নাতক উত্তীর্ণ বুলি কৈছে৷
কিন্তু ৰকিবুলে স্নাতক ডিগ্রী লোৱাৰ কোনো তথ্য নগাঁও কলেজ কিম্বা গুৱাহাটী বিশ্ববিদ্যালয়ত নাই৷’ ১৯৮০ চনত উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) উত্তীর্ণ হৈ আঠ বছৰ পাছত অর্থাৎ ১৯৮৮ চনত ৰকিবুল হুছেইনে একেখন কলেজৰ পৰা স্নাতক পৰীক্ষাত অৱতীর্ণ হোৱাতো সন্দেহৰ বিষয়৷ ‘আমি নগাঁও কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এই বিষয়ত তথ্য বিচাৰিলোঁ, কিন্তু ৰকিবুল হুছেইন স্নাতক উত্তীর্ণ হোৱাৰ কোনো তথ্য নাই৷’– এই বুলি দাবী কৰে অনিল ৰাজাই৷ সংবাদমেলত ৰাজাই কয়– ‘ৰকিবুল হুছেইনে নির্বাচনী শপতনামাত ৪বাৰকৈ স্নাতক ডিগ্রীধাৰী বুলি ভুল তথ্য উল্লেখ কৰিছে৷ নির্বাচনী শপতনামাত ভুৱা তথ্য দিয়াৰ বাবে অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মই নগাঁৱৰ ন্যায়িক দণ্ডাধীশৰ আদালতত এক গোচৰ দাখিল কৰিম৷’
তদানীন্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ অনুগ্রহত তৃতীয় বিভাগত উত্তীর্ণ সত্ত্বেও শিলচৰ মেডিকেল কলেজলৈ ৰকিবুলে এম বি বি এছ পঢ়িবলৈ গৈছিল যদিও তিনি মাহ পাছতে গুচি আহিল বুলি ৰাজাই উল্লেখ কৰে৷ অনিল ৰাজাই লগতে কয় যে কংগ্রেছৰ ৯৯ শতাংশ লোকে ৰকিবুল হুছেইনক বেয়া পায়৷ ‘ৰকিবুল দলৰ পৰা আঁতৰি থকা মানে কংগ্রেছৰ মংগল৷ কংগ্রেছৰ অৱস্থা অলপ ভাললৈ আহিছে৷ কিন্তু ৰকিবুল দলৰ মজিয়াত থাকিলে দল পুনৰ ডুবিব৷’ সংবাদমেলত এইদৰে কয় অনিল ৰাজাই৷
No comments:
Post a Comment