পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীও সমাজৰ মূল্যবান মানৱ সম্পদ: উপায়ুক্ত থানেশ্বৰ মালাকাৰ
বৰপেটা : 'পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীও সমাজৰ মূল্যবান মানৱ সম্পদ হিচাপে গঢ় লব পাৰে। পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীও সমাজৰ আদৰ্শ হোৱাৰ অলেখ উদাহৰণ আছে। ফলাফলত পৰাজিত হলেওঁ কেতিয়াওঁ হতাশ হব নালাগে' '- এই মন্তব্য মন্তব্য বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ। পূৱ বৰপেটাত শৈক্ষিক দিশত উত্তৰণৰ লক্ষ্যৰে আজি ভেল্লা অঞ্চলৰ স্থানীয় কৰ্মৰত তথা প্ৰাক্তন সাংবাদিকসকলে ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভেল্লা অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক ভাৱে জনোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি উপায়ুক্ত গৰাকীয়ে এই মন্তব্য আগবঢ়ায়।
ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে সম্বৰ্ধিত ছাত্ৰ ছাত্ৰী সকলে এগৰাকী সুনাগৰিক হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। বিদ্যালয়ৰ অধ্যক্ষ ৰনেন্দ্ৰ কুমাৰ দাসৰ পৰিচালনা তথা স্থানীয় সাংবাদিক আজিজুল হকে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপায়ুক্ত গৰাকীয়ে পুনৰ কয় যে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে অৱসৰৰ পিছতো স্বেচ্ছাই বিদ্যালয়খনত ধাৰাবাহিকভাৱে পাঠদান কৰা কাৰ্য্য অতি বিৰল আৰু অন্যান্য চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে আদৰ্শনীয়। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এনে মানসিকতাৰ বাবে বিগত কেইবছৰমান ধৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলত একশ শতাংশৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে৷
সম্বৰ্ধনা সভাত বিশিষ্ট চিকিৎসক ডাঃ স্মিতাশ্ৰী বাস্তৱে ভাষণ প্ৰসংগত কয় যে পৰীক্ষাৰ ফলাফলত নম্বৰতকৈ নৈতিক চৰিত্ৰৰ প্ৰয়োজন অতি বেছি। নৈতিক চৰিত্ৰ হ্ৰাস পোৱা বাবে সমাজত হত্যা, হিংসা, দূৰ্নীতি, ধৰ্ষণ আদি ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা বুলি চিকিৎসক গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। সম্বৰ্ধনা অনুষ্ঠানত বি বি কে মহাবিদ্যালয়ৰ অধ্যক্ষ কনক চন্দ্ৰ ডেকা, ডা: গৌতম দাস, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে মুনীন্দ্ৰ নাথ দাস, উপেন্দ্ৰ নাথ দাস, আনচাৰী আলী আহমেদ, বৰ্তমানৰ অধ্যক্ষ ৰনেন্দ্ৰ নাথ দাসে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে।
স্থানীয় সাংবাদিক আজিজুল হক, চাইজুৰ ৰহমান, মুকুট আলী আৰু মৌচম নাজিমৰ উদ্দ্যোগত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত বৃহত্তৰ ভেল্লা অঞ্চলৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২০১৫ বৰ্ষত সাধাৰণ গণিতত ১০০ নম্বৰসহ ৯৩.৮৫% লাভ কৰা কৃতী ছাত্ৰ চুমন আলীক এই অনুষ্ঠানতে গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়।
একেদৰে দশম শ্ৰেণীৰ ছাত্ৰী মিৰ্জা মেহবুবা আজমীয়ে বিদ্যালয়ৰ পৰীক্ষাসমূহত ৯৯ শতাংশ নম্বৰ লাভ কৰি আগন্তুক পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনলৈ সম্ভাৱনা কঢিয়াই অনাৰ বাবে ছাত্ৰী গৰাকীকো বিশেষভাৱে সম্বৰ্ধনা জনাই উৎসাহ দিয়ে সাংবাদিক পুলেন্দ্ৰ দাসে। কৃতী ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ অসমীয়া-ইংৰাজী অভিধান, ফুলাম গামোচা, একোডালকৈ গছপুলি, ফাইল আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।এই সভাত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকৰ লগতে তিনি শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
No comments:
Post a Comment