তিতাবৰ : মই বিকল্প চৰকাৰৰ কথা চিন্তা নকৰো। ই অসমত অসম্ভৱ।মই এইবোৰ কথাত সময় নষ্ট নকৰো। এই মন্তব্য— ৰাজ্যখনৰ তিনিবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ৷ নিজ গৃহ সমষ্টি তিতাবৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰাইপানী গাঁও পঞ্চায়তত বিধায়ক পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰা এটি গীৰ্জা তথা কলা-কৃষ্টি কেন্দ্ৰৰ গৃহ মুকলি কৰি সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এনে মন্তব্য কৰাৰ লগতে তেওঁৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈক লৈ ছ’চিয়েল মিডিয়াৰ যোগেদি অপপ্ৰচাৰ চলিছে বুলি অভিযোগ কৰে।
গগৈৰ মতে, গৌৰৱ গগৈয়ে অসমত এজনো বিদেশী নাই বুলি কোনো মন্তব্য কৰা নাই। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে এতিয়া বিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰয়োজন। কংগ্ৰেছৰ দিনত বিজেপিয়ে অসমত বিদেশী আছিল বুলি কৈছিল কিন্তু এতিয়া এইখন চৰকাৰৰ চাৰি বছৰ হোৱাৰ পিছতো কিয় এজনো বিদেশী খেদিব পৰা নাই সেয়া চৰকাৰক স্পষ্ট কৰি দিবলৈ দাবী জনায়৷
No comments:
Post a Comment