যোৰহাট : বিজেপি চৰকাৰৰ দিনত ক্ৰমান্বয়ে ক্ষুদ্র ব্যৱসায়ী সকলৰ নিজৰ ব্যৱসায় বন্ধ হৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে এই বাৰ ইটা বালিৰ ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ চকু পৰি বিজেপি চৰকাৰৰ । এই অভিযোগ যোৰহাটৰ ইটা ,বালি ক্ষুদ্র ব্যৱসায় সন্থাৰ । যোৰহাট জিলা বনবিভাগৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত অৱশেষত ৰাজপথলৈ ওলাবলৈ বাধ্য হল ইটা, শিল বালি ক্ষুদ্ৰ ব্যৱসায়ী সন্থা। আজি বনবিভাগৰ সিদ্ধান্তৰ প্ৰতিবাদত জিলাখনৰ কেইবা শতাধিক ব্যৱসায়ীয়ে বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰা শিল বালি কঢ়িওৱা গাড়ী সমূহ লৈ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে জিলাখনৰ বহু শিক্ষিত নিবনুৱাই বছৰ বছৰ ধৰি বন বিভাগৰ অনুমতি সাপেক্ষে শিল বালি ইটা আদিৰ ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আহিছে।
আজি প্ৰতিবাদকাৰী সকলে ক্ষোভেৰে কয় যে ব্যৱসায়ী সকলে বেঙ্কৰ ধাৰ লৈ ব্যৱসায় চলাই থকাৰ লগতে উক্ত ব্যৱসায়ৰ লগত জড়িত ট্ৰাক মালিক সকলেও বেঙ্কৰ পৰা ধাৰ লৈ গাড়ী কিনি ব্যৱসায় চলাই আছে। এই ব্যৱসায়ত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে বিশ হাজাৰ লোক জড়িত হৈ আছে।
কিন্তু চলিত বৰ্ষৰ ১৪ মে' ত নতুনকৈ ব্যৱসায় চলাবলৈ বন বিভাগৰ পৰা অনুমতি পত্ৰ আবেদন কৰা সময়ত নতুন অনুমতি তথা নবীকৰন নহব বুলি জনায় বন সংমণ্ডল বিষয়া গৰাকীয়ে। এই ক্ষেত্ৰত অনুমতি দিবৰ বাবে বন বিভাগৰ কোণো আইন ব্যৱস্থা নাই বুলি কয় বিষয়া গৰাকীয়ে।
আনহাতে জিলাখনত থকা শিল বালি ইটা খুচুৰাকৈ বিক্ৰী থকা ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰা লগতে প্ৰতিষ্ঠান সমূহত বন বিভাগে জব্দনামা নিদিয়াকৈ সামগ্ৰী জব্দ কৰে। প্ৰতিবাদকাৰী সকলে লগতে কয় যে ৰাজ্যৰ আন কোনো জিলাত বন বিভাগৰ এই নিৰ্দেশ দিয়া হোৱা নাই। বৰ্তমান সকলো ব্যৱসায়ী দিশহাৰা হোৱা উপৰিও দুবেলা দুমুঠিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে। এই সিদ্ধান্তৰ ফলত জিলা খনৰ নিৰ্মাণ কাৰ্য্য বন্ধ হৈ পৰিছে। আজি প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত, পূৰ্বাঞ্চল অসম চক্ৰৰ বন সংৰক্ষক, আৰু বনমন্ত্ৰীক জিলা উপায়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰদান কৰে।প্ৰতিবাদৰ সময়চোৱাত উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মূখত পথবন্ধ হৈ পৰে।
পৰহিলৈ জিলা উপায়ুক্তই আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা পিছত প্ৰতিবাদ সাময়িক ভাবে স্থগিত ৰাখে । উল্লেখ্য যে প্ৰতিবাদস্থলিত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দিয়ে । কেই দিন মানৰ পূৰ্বে যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ওচৰলৈ কেই জনমান ব্যৱসায়ীয়ে এই বিষয়ে অৱগত কৰিবলৈ যাওঁতে তেওঁ কোনো গুৰুত্বই নিদিলে বুলিও ইটা বালি ক্ষুদ্ৰ ব্যৱসায়ী সকলে উল্লেখ কৰিছে ।
No comments:
Post a Comment