বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ধৰ্ণা : আটক বিধায়কসহ শতাঘিক কংগ্ৰেছ কৰ্মী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 07, 2018

বৰপেটাত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ধৰ্ণা : আটক বিধায়কসহ শতাঘিক কংগ্ৰেছ কৰ্মী


বৰপেটা : দিনে দিনে দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য৷ দেশত বৃদ্ধি পোৱা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৰপেটাত জিলা কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী হাতত লয়। বৰপেটা চহৰৰ ৰাজীৱ ভৱনৰ সন্মুখৰ পথৰ ওপৰত অৱস্থান কৰে প্ৰতিবাদকাৰীসকল। পথৰ ওপৰত বহি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে উতপ্ত কৰি তুলে প্ৰতিবাদস্থলী। 
পথ মুকলি কৰি দিবলৈ প্ৰতিবাদ কাৰীক আঁতৰাই পঠাবলৈ আৰক্ষীয়ে চেষ্টা চলায় যদিও পথৰ ওপৰত অৱস্থান গ্ৰহন কৰা প্ৰতিবাদকাৰীক আটক কৰি পথ মুকলি কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ লগতে আটক কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন আৰু বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানক৷ বৰপেটাৰ জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাকো আটক কৰে আৰক্ষীয়ে৷ বৰপেটা সদৰ থানাত আৱদ্ধ কৰি ৰখা হৈছে আটক কংগ্ৰেছ কৰ্মীসকলক৷ নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতি দি ৰাইজক প্ৰতাৰনা কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে কংগ্ৰেছে।

No comments:

Post a Comment

SPONSORED