গুৱাহাটী : অসমৰ পৰা বিদেশী বিতাড়নৰ বাবে চলি থকা দীর্ঘ আন্দোলনৰ মাজতে জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসম উত্তপ্ত হৈ থকাৰ মাজতে চাঞ্চল্যৰ সৃষ্টি কৰি এইবাৰ চৰকাৰৰ বৰঘৰত সোমালহি বাংলাদেশী৷ খোদ অসম চৰকাৰৰ মেৰুদণ্ডস্বৰূপ জনতা ভৱনত চাকৰিত যোগদান কৰিবলৈ আহি আজি আৰক্ষীৰ জালত পৰে এটা বাংলাদেশী৷
জনতা ভৱনত শেহতীয়াকৈ নিযুক্তি দিয়া হৈছিল বহুকেইজন কনিষ্ঠ প্রশাসনিক সহায়কক৷ তাৰ মাজতে হাতত নিযুক্তি-পত্র লৈ চাকৰিত যোগ দিবলৈ আহে সুমন ভট্টাচার্য নামৰ এজন যুৱক৷ মহানগৰীৰ উলুবাৰীৰ বৰা ছার্ভিচৰ প্রকাশ এনক্লেভৰ বাসিন্দা বুলি ঠিকনা দিয়া নিযুক্তি-পত্রত স্বাক্ষৰ আছিল খোদ সচিবালয় প্রশাসন বিভাগৰ সচিবৰ৷
কেইদিনমানৰ পূর্বে চাকৰিত যোগ দিবলৈ অহা সুমন ভট্টাচার্যৰ নিযুক্তি-পত্রখনৰ ওপৰত সন্দেহ হোৱাত জনতা ভৱনৰ কর্মচাৰীয়ে তেওঁক চাকৰিত যোগ দিয়াত বাধা প্রদান কৰে৷ কিন্তু আজি পুনৰ সেই নিযুক্তি-পত্র হাতত তেওঁ লৈ চাকৰিত যোগ দিবলৈ জনতা ভৱনত প্রৱেশ কৰাৰ পাছত কর্মচাৰীসকলে দিয়া অভিযোগৰ ভিত্তিত দিছপুৰৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দলে জনতা ভৱনৰ পৰাই সুমন ভট্টাচার্যক গ্রেপ্তাৰ কৰে৷
ভুৱা নিযুক্তি-পত্রৰে জালিয়াতিৰ আশ্রয় লৈ চাকৰি কৰিবলৈ অহাৰ অভিযোগত সুমন ভট্টাচার্যক গ্রেপ্তাৰ কৰাৰ পাছতহে ভয়াৱহ তথ্য পোহৰলৈ আহে৷ আৰক্ষীয়ে সুমনক কৰা জেৰাত ফাদিল হয় যে প্রৱঞ্চকটো গুৱাহাটীহে নালাগে, অসম বা ভাৰতৰে বাসিন্দা নহয়৷
বাংলাদেশৰ নাগৰিক সুমনে এটা দুষ্টচক্রৰ সহায়ত খোদ জনতা ভৱনত খোপনি পুতিবলৈ আহিছিল৷ বাংলাদেশৰ কুমিল্লা জিলাৰ বাসিন্দা সুমন ভট্টাচার্যই দুষ্টচক্রৰ সহায়ত নিজকে গুৱাহাটীৰ বাসিন্দা বুলি প্রতিপন্ন কৰিবলৈ চেষ্টা কৰিছিল৷ উল্লেখযোগ্য যে সুমনৰ ভুৱা নিযুক্তি-পত্রখন বিগত ৩১ এপ্রিলতে স্বাক্ষৰ কৰা হৈছিল৷ উল্লেখযোগ্য যে ৰাজ্যত এতিয়াও বহু ভুৱা নিযুক্তি-পত্র প্রদান কৰা প্রৱঞ্চক চক্র সক্রিয় হৈ আছে৷ ইয়াৰ মাজত জনতা ভৱনতো এটা প্রৱঞ্চক চক্র সক্রিয় হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷
এই চক্রটোৱেই বাংলাদেশী সুমন ভট্টাচার্যক ভুৱা নিযুক্তি-পত্র প্রদান কৰিছিল৷ আনহাতে আজি সুমন ভট্টাচার্যক গ্রেপ্তাৰ কৰাৰ সময়তে জনতা ভৱনৰ এজন কর্মচাৰী অন্তর্ধান হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ জনতা ভৱনৰ কর্মচাৰী ভাস্কৰ বৰা সুমন ভট্টাচার্যক গ্রেপ্তাৰ কৰাৰ সময়ত ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ কাৰণে তেওঁ এই প্রৱঞ্চক চক্রটোৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷
ইফালে আৰক্ষীৰ অনুসন্ধানৰ সময়ত নিজকে ভাৰতীয় হিচাপে প্রমাণ কৰিব পৰাকৈ পর্যাপ্ত নথি-পত্র আৰক্ষীক দাখিল কৰে ধৃত সুমন ভট্টাচার্যই৷ সেই নথি-পত্র দেখি খোদ আৰক্ষীও বিমোৰত পৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ হাতত সুমন ভট্টাচার্যই অসমৰ ভোটাৰ পৰিচয়-পত্র, পান কার্ডকে ধৰি বিভিন্ন ধৰণৰ নথি জমা দিয়া বুলি জানিব পৰা গৈছে৷
No comments:
Post a Comment