গুৱাহাটী : জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি উত্তাল হ’ল ৰাজভৱন৷ আছু আৰু সদৌ অসম কর্মচাৰী পৰিষদে যৌথভাৱে বিধেয়কখন বাতিল কৰাৰ দাবীত ৰাজভৱনলৈ প্রতিবাদী সমদল উলিয়ায়৷
অসম আন্দোলনৰ সময়ৰ সহযোগী সংগঠন দুটাই জাতিৰ পুনৰ সংকটৰ সময়ত পুনৰবাৰ একত্রিত হৈ আজি বিধেয়কখন বাতিলৰ লগতে অসম চুক্তি ৰূপায়ণৰ বাবে সময় নির্ধাৰিত কর্মসূচী প্রস্তুত কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা, যুদ্ধকালীনভাৱে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা, অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাৰ বাবে ভাৰত আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদনৰ দাবী জনায়৷
আনহাতে জাতিধবংসী বিধেয়কখন বাতিল নকৰাপর্যন্ত তীব্র প্রতিবাদ অব্যাহত ৰখাৰ লগতে বিধেয়ক বাতিল নহ’লে অধিক কঠোৰ পদক্ষেপ লোৱাৰো হুংকাৰ দিয়ে প্রতিবাদী সংগঠন দুটাই৷ উল্লেখযোগ্য যে আজি দুপৰীয়া আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য আৰু কর্মচাৰী সন্থাৰ সভাপতি বাসৱ চন্দ্র কলিতা, সম্পাদক ফকৰুদ্দিন আহমেদ আৰু উপদেষ্টা নগেন দাসৰ নেতৃত্বত সংগঠন দুটাৰ সহস্রাধিক প্রতিবাদীয়ে শ্বহীদ ভৱনৰ পৰা ৰাজভৱন পর্যন্ত প্রতিবাদী সমদল কৰে৷
ৰাজভৱনত সংগঠন দুটাৰ নেতৃবর্গই জিলা প্রশাসনৰ বিষয়াৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক-পত্রও প্রদান কৰে৷ কর্মচাৰী পৰিষদে দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি প্রকাশ কৰি খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে সদায় পদক্ষেপ লৈ আহিব বুলি কেন্দ্র আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে৷ উল্লেখযোগ্য যে আজি প্রতিবাদত অসম আন্দোলনৰ প্রথমজন শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্র তালুকদাৰকে ধৰি শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ ৰাজেন ডেকাসহ বহুকেইটা শ্বহীদ পৰিয়ালৰ সদস্যই প্রতিবাদত অংশগ্রহণ কৰে৷
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যই জাতিধবংসী বিধেয়কখন বাতিল কৰিবই লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে৷ বিধেয়ক বাতিল নহ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে পাছত পস্তাব লাগিব বুলি তেওঁ কঠোৰ সকীয়নি দিয়ে৷ চৰকাৰে আশ্বাস আৰু প্রতিশ্রুতিৰ সলনি ফলপ্রসূ ফল দেখুৱাবলৈয়ো তেওঁ চৰকাৰক আহবান জনায়৷
খিলঞ্জীয়াৰ স্বার্থ ৰক্ষাৰ প্রতিশ্রুতিৰে ক্ষমতালৈ অহা চৰকাৰখনে এতিয়া কাম কৰি দেখুৱাওক বু৲লিও তেওঁ প্রত্যাহবান জনায়৷ আনহাতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে দাবী নামানিলে চৰকাৰ অধিক কঠোৰ প্রত্যাহবানৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ বিধেয়ক বাতিল নহ’লে আছু-কর্মচাৰী পৰিষদৰ একত্রিত আন্দোলন অধিক তীব্রতৰ হ’ব বুলিও তেওঁ সকীয়াই দিয়ে৷
আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে চৰকাৰক ৰাইজৰ পক্ষত থাকিবলৈ সকীয়াই দিয়ে৷ খিলঞ্জীয়াৰ পক্ষত থাকিবলৈ সোণোৱাল চৰকাৰে সাহস কৰি দেখুৱাওক বুলিও তেওঁ কয়৷ চৰকাৰে ৰাইজৰ দাবীলৈ এইপর্যন্ত ইতিবাচক সঁহাৰি দিয়া নাই বুলি প্রকাশ কৰি লুৰীণজ্যোতি গগৈয়ে বিধেয়ক বাতিল নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে৷ কর্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই বিধেয়কখন বাতিল নোহোৱা পর্যন্ত আছুৰ সৈতে যৌথভাৱে তীব্র আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰে৷
পাঁচ সহস্রাধিকে কঁপালে উত্তৰ ধেমাজি: ধেমাজিৰ নিজা প্রতিবেদকে জনাইছে যে প্রখৰ ৰ’দকো নেওচি আজি হাজাৰ হাজাৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত উত্তাল কৰি তোলে বৃহত্তৰ উত্তৰ ধেমাজি অঞ্চল৷ সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ জীয়াধল আঞ্চলিক সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা কার্যসূচীত উত্তৰ ধেমাজিৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহি জামুগুৰি পাঁচআলিৰ ৰংগমঞ্চত সমবেত হয়৷
পাঁচ সহস্রাধিক জনতা একেলগ হৈ উত্তৰ ধেমাজিৰ বাসুদেৱ তিনিআলিৰ পৰা জামুগুৰি পাঁচআলিলৈকে এক প্রতিবাদী সমদল উলিয়ায়৷ ইয়াৰ আগেয়ে জামুগুৰি পাঁচআলিৰ ৰংগমঞ্চত এখন প্রতিবাদী সভাও অনুষ্ঠিত হয়৷ সংগঠনটোৰ সহকাৰী সম্পাদক কল্যাণ গগৈয়ে আঁত ধৰা প্রতিবাদী সভাত আছুৰ কেন্দ্রীয় উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী, আটাছুৰ কেন্দ্রীয় সমিতিৰ সভাপতি মনোজ গগৈ, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিত দাসকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷
No comments:
Post a Comment