এন আৰ চিৰ চূড়ান্ত খচৰাত ১৩-১৫লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 07, 2018

এন আৰ চিৰ চূড়ান্ত খচৰাত ১৩-১৫লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত


গুৱাহাটী : অহা ৩০ জুনত প্রকাশ হ’ব লগীয়া ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰাত কিমান বাংলাদেশী লোকৰ নাম বাদ পৰিব সেই কথা স্পষ্ট হৈ পৰিব যদিও এন আৰ চিত নাম অন্তৰ্ভূক্তি ক্ষেত্রত গ্রহণ কৰা নীতিৰ ফলত প্রায ১৩ৰপৰা ১৫ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈছে৷ এন আৰ চি কতৃপর্ক্ষই নাম অন্তর্ভুক্তিৰ বাবে গ্রহণ কৰা নীতিৰ ফলত ধুবুৰী. গোৱালপাৰা, বৰপেটা, দৰং, শোণিতপুৰ, নগাঁও, মৰিগাঁও, কাছাৰ আদি জিলাত অধিকসংখ্যক লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈছে৷
প্রকাশ হ’ব লগীয়া চূড়ান্ত খচৰাত বর্তমানে বিদেশী ন্যায়াধিকৰণ গোচৰ চলি থকাসকলৰ লগতে সন্দেহযুক্ত ভোটাৰৰ নাম ( ডি) এন আৰ চিত অন্তর্ভুক্ত নহয়৷ এই লোকসকলক ন্যায়ালয়ে ভাৰতীয় বুলি ৰায় দিয়াৰ পাছতহে এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে আৱেদন জনাব পাৰিব৷ চূড়ান্ত খচৰা প্রকাশৰ পাছত মুঠ কিমান লোকৰ নাম বাদ পৰিব, সেই কথা ওলাই পৰিব যদিও বর্তমানে থকা ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোকৰ সংখ্যাৰ পৰা খচৰা প্রকাশৰ পূর্বে প্রায় বৃহৎসংখ্যক লোকৰ নাম অন্তর্ভুক্ত নোহোৱাটো আগতীয়াকৈ নিশ্চিত হৈছে৷ গৃহ বিভাগত থকা তথ্য অনুসৰি, ৰাজ্যত থকা ডি ভোটাৰৰ সংখ্যা ৯০,২০৬ গৰাকী৷ বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ সংখ্যা ১,২৫,৩৩৩টা৷ বিদেশী ন্যায়াধিকৰণৰ গোচৰ আৰু ডি ভোটাৰৰ মুঠ সংখ্যা ২,১৫,৫৩৯ গৰাকী৷
এই লোকসকলৰ পৰিয়ালত ৬জনকৈ সদস্যৰ সংখ্যা ধৰিলে মুঠ সংখ্যা হয়গৈ ১২,৯৩,২৩৪ গৰাকী৷ অর্থাৎ অহা ৩০ জুনত প্রকাশ হ’ব লগীয়া খচৰা প্রকাশৰ পূর্বে ৰাজ্যত ১৩ৰপৰা ১৫ লাখ লোকৰ নাম এন আৰ চিত অন্তর্ভুক্ত নহ’ব৷ বিশেষকৈ ডি ভোটাৰৰ নাম এন আৰ চিত অন্তর্ভুক্তিৰ পৰা বাদ পৰাত সৃষ্টি হোৱা প্রতিক্রিয়াৰ পাছত বিষয়টো উচচতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ৷ উল্লেখযোগ্য যে ডি ভোটাৰৰ সংখ্যা আৰু বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰৰ ভিত্তিত কোন কেইখন জিলাত বেছিসংখ্যক লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব তাৰ পূর্বাভাস স্পষ্ট হৈছে৷ ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ বেছি থকা জিলকেইখনৰ ভিতৰত গোৱালপাৰা (১১,৬৮৩), ধুবুৰী (১৩৫৪০৬), বৰপেটা (২৩৫৪৮), দৰং (৫২,১৩৩), শোণিতপুৰ (২৭,৩১৬), নগাঁও (৩৪৪৬৫), কাছাৰ (১৩৩৪০), মৰিগাঁও (১১,৭৭২)৷ এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত কিমান লোক বিদেশী সেই কথা ওলাই পৰিব৷ ডি ভোটাৰ আৰু বিদেশী ন্যায়াধিকৰণত থকা গোচৰৰ সংখ্যাৰ পৰা উল্লিখিত জিলাসমূহতে অধিকসংখ্যক লোকৰ নাম এন আৰ চিত বাদ পৰিব তাৰ পূর্বাভাস স্পষ্ট হৈ পৰিছে৷

No comments:

Post a Comment

SPONSORED