গুৱাহাটীবাসীয়ে গাখীৰৰ নামত খাইছে বৰবিহ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 07, 2018

গুৱাহাটীবাসীয়ে গাখীৰৰ নামত খাইছে বৰবিহ


গুৱাহাটী : অসমৰ বহু ঠাইত গাখীৰৰ নামত বৰবিহ খুৱাই থকা হৈছে জনসাধাৰণক। গাখীৰ অতি পুষ্টিকৰ খাদ্য যদিও অসমত এতিয়া ই বৰবিহ হৈ পৰা বুলিহে প্রমাণিত হৈছে। কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কর্তৃপক্ষৰ (এফ এছ এছ এ আই) পৰীক্ষাত উচ্চতম ন্যায়ালয়ৰ নির্দেশত ইতিমধ্যে দেশৰ আঠখনৰাে অধিক ৰাজ্যত গাখীৰৰ মান পৰীক্ষা কৰিবলৈ এফ এছ এছ এ আইক দায়িত্ব দিয়া হৈছে। গুৱাহাটীলৈ দৈনিক আমদানি হােৱা চুবুৰীয়া মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাৰ গাখীৰৰ মান পৰীক্ষা কৰাৰ পাছত আজি হায়দৰাবাদৰ সংস্থাটোৱে গুৱাহাটীৰ গাখীৰৰ মান পৰীক্ষা কৰে। এই পৰীক্ষাৰ আনুষ্ঠানিক ফল কেন্দ্রীয় চৰকাৰক প্রত্যক্ষভাৱে প্ৰদান কৰা হ'ব যদিও অনানুষ্ঠানিকভাৱে গাখীৰৰ মান পৰীক্ষা কৰা এফ এছ এছ এ আইৰ কর্তৃপক্ষই গুৱাহাটীৰ জনসাধাৰণৰ কাষলৈ অতি নিম্নমানৰ আৰু ভয়াৱহ ৰাসায়নিক সামগ্ৰীৰ উপস্থিতি থকা গাখীৰ গৈ পােৱা বুলি জানিবলৈ দিয়ে। তেওঁলােকে গুৱাহাটীত মুকলিকৈ বিক্ৰী কৰি থকা গাখীৰ পান কৰাটো অতি বিপজ্জনক আখ্যা দিয়ে। তেওঁলােকৰ কথাৰ পৰা এই কথা স্পষ্ট হয় যে গুৱাহাটীৰ জনসাধাৰণে পুষ্টিকৰ খাদ্যৰ নামত বৰবিহহে পান কৰি আহিছে। উল্লেখযােগ্য যে কেন্দ্ৰৰ নির্দেশত বিগত চাৰি জুনত উত্তৰ-পূবত উপস্থিত হৈছে এফ এছ এছ এ আইৰ চাৰিজনীয়া এটা দল। অত্যাধুনিক পৰীক্ষাগাৰ সংলগ্ন গাড়ীও তেওঁলােকে লৈ আহিছে। তেওঁলােকে চাৰি জুনত মেঘালয়ৰ শ্বিলং আৰু তুৰাত গাখীৰৰ নমুনা পৰীক্ষা কৰে। কালি অসম-মেঘালয়ৰ সীমান্তৱর্তী (মেঘালয় সীমাৰ ভিতৰৰ) খানাপাৰা, যােৰাবাট, নমাইল আদি স্থানত গাখীৰৰ নমুনা পৰীক্ষা কৰে। লক্ষণীয় যে এই স্থানৰ গাখীৰ ব্যৱসায়ীসকলৰ মূল বজাৰখনেই হ’ল গুৱাহাটী। এই গাখীৰতে পৰীক্ষকৰ দলটোৱে বিষাক্ত ৰাসায়নিক সামগ্ৰীৰ উপস্থিতি ধৰা পেলায়। আজি দলটোৱে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা গাখীৰৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰে। দলটোৱে মহানগৰীৰ ৬টা স্থানৰ পৰা পূৰবী আৰু আমূল কোম্পানীৰ প্ৰছেচিং কৰা গাখীৰৰ পৰা সাধাৰণ গােৱালাই বিতৰণ কৰা আৰু বজাৰত মুকলিকৈ বিক্রী কৰি থকা গাখীৰৰ নমুনা সংগ্রহ কৰে। কাইলৈ গােৱালপাৰাৰ গাখীৰৰ নমুনা পৰীক্ষা কৰাৰ পাছত পৰহিলৈ দলটোৱে ধুবুৰীৰ গাখীৰৰ মান পৰীক্ষা কৰিব। প্রণিধানযােগ্য যে দলটোৱে উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ লগতে পশ্চিম বংগৰ গাখীৰৰ মান পৰীক্ষা কৰিব। প্রণিধানযােগ্য যে দলটোক বিশেষভাৱে অসম আৰু মেঘালয়ৰ গাখীৰৰ মান পৰীক্ষা কৰিবলৈ কেন্দ্রই নির্দেশ দিয়া বুলি জানিব পৰা গৈছে। দলটোৱে অৰুণাচল প্রদেশৰ গাখীৰৰ পৰীক্ষাও কৰা বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

SPONSORED