অসমীয়া লিপিক লৈ দিল্লীত আৰম্ভ এখন যুঁজ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, June 07, 2018

অসমীয়া লিপিক লৈ দিল্লীত আৰম্ভ এখন যুঁজ


গুৱাহাটী : জাতি আৰু ভাষাৰ অস্তিত্ব ৰক্ষাৰ বাবে যিসময়ত অসমত আন্দোলন আৰম্ভ হৈছে, সেই সময়তে অসমীয়া লিপিক লৈ দিল্লীত আৰম্ভ হৈছে আন এখন যুঁজ। অসমীয়া আৰু বাঙালী দুয়ােটা পৃথক ভাষা হােৱা সত্ত্বেও আজিলৈকে ইউনিক'ডত অসমীয়া লিপিয়ে স্থান লাভ কৰা নাই। অসমীয়া লিপিক বাংলা লিপিৰ সৈতে একাকাৰ কৰি ৰখা হৈছে। দীর্ঘদিন অসমৰ বহুকেইজন বিশিষ্ট লােকে ইউনিক'ডত অসমীয়া লিপিক অন্তর্ভুক্ত কৰিবৰ বাবে দাবী জনাই আহিছে যদিও আজিলৈকে কেন্দ্রীয় চৰকাৰে বিষয়টোত গুৰুত্ব প্রদান কৰা নাই৷ এনে পৰিস্থিতিৰ মাজতেই কালিৰ পৰা দিল্লীত অনুষ্ঠিত হৈছে ভাৰতীয় মানক সংস্থাৰ এখন বিশেষ বৈঠক। এই বৈঠকত অংশ গ্রহণ কৰি অধ্যাপক শিখৰ শৰ্মা, দিলীপ কলিতা, পৰমানন্দ ৰাজবংশী, ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব পার্থ মজুমদাৰ, এমট্রনৰ সঞ্চালক এম কে যাদৱে অসমীয়া লিপিক ইউনিক'ডত স্বীকৃতি প্রদানৰ বাবে দাবী জনায়। অসমৰ প্রতিনিধি দলটোৱে অসমীয়া ভাষাৰ ঐতিহ্য, কলাসংস্কৃতিকে ধৰি অসমীয়া লিপিৰ ইতিহাস অৱগত কৰি এই সন্দৰ্ভত এক বিস্তৃত প্রতিবেদনে দাখিল কৰে। জানিব পৰা মতে, এই বৈঠকতে ইউনিক'ডত অসমীয়া লিপিক এক সুকীয়া স্বীকৃতি প্রদান কৰাৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লােৱা হয়। অহা ১৮ জুনৰ পৰা ২২ জুনলৈ লণ্ডনত আন্তঃৰাষ্ট্ৰীয় মানক সংস্থাৰ ৱর্কিং গ্রুপৰ বৈঠকত অসমীয়া লিপিক ইউনিক’ডত স্থান দিয়া সন্দৰ্ভত আলােচনা কৰা হ’ব। বৈঠকতে সিদ্ধান্ত হ’ব ইউনিক'ডত অসমীয়া অন্তর্ভুক্ত হ'ব নে নহ'ব। উল্লেখযােগ্য যে, বাঙালী লিপি আৰু অসমীয়া লিপিৰ মাজত বহু পার্থক্য আছে। ২৯টা বৰ্ণৰ উচ্চাৰণাে আনকি সুকীয়া। কিন্তু একাংশ অসমীয়াবিদ্বেষী লােকৰ প্ৰৰােচনাত অসমীয়া লিপি আৰু বাঙালী লিপি একেই বুলি প্ৰচাৰ চলােৱা হ’ল, যাৰ বাবে আজি নিজৰ লিপিটোৰ বাবেই যুঁজ দিব লগীয়া হৈছে অসমীয়াই।

No comments:

Post a Comment

SPONSORED