তিতাবৰ : তিতাবৰ অসম-নগালেণ্ড সীমান্তৰ ২নং ফুলবাৰীত বৃহস্পতিবাৰে সোপাধৰাই এজনী ১০ বছৰীয়া কিশোৰীক অপহৰণৰ চেষ্টা চলোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।অৱশ্যে কিশোৰী গৰাকী নিজা বুদ্ধিমত্তাৰ সহায়ত সন্দেহজনক সোপাধৰাৰ কবলৰ পৰা পলাই সাৰে। তিতাবৰ ২নং ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী ৰেণুকা হৰ পুৱাৰ ভাগত বিদ্যালয়লৈ যাবলৈ ওলাই থকা অৱস্থাত মূৰত সেনাবাহিনীৰ ইউনিফৰ্মৰ দৰে টুপী পিন্ধা দুজন ক'লা পোছাক পৰিহিত অচিনাক্ত ব্যক্তিয়ে ঘৰৰ পিছফালৰ নগা পাহাৰৰ দিশৰ পৰা নামি আহি পানী খাবলৈ সোমোৱাৰ চলেৰে ঘৰত প্ৰৱেশ কৰে। ঘৰত কোনো ডাঙৰ মানুহ নথকাৰ সুযোগ পাই কিশোৰী গৰাকীৰ মুখত সোপা দি হাত-ভৰি আদি বান্ধি কাষতে লাগি থকা নগা পাহাৰৰ ওপৰলৈ লৈ যায়। ঘন হাবিয়েদি পাহাৰৰ ওপৰলৈ নি এডোখৰ নিৰ্জন ঠাইত কিশোৰী গৰাকীক সম্ভৱত অচেতন কৰাৰ উদ্দেশ্যেৰে বেজী প্ৰয়োগ কৰিবলৈ লয়।কিন্তু চেগ বুজি কিশোৰী গৰাকীয়ে দুৰ্বৃত্তৰ হাতত কামুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ চিঞৰি চিঞৰি পাহাৰ পৰা দৌৰি পলাবলৈ চেষ্টা কৰে।ঘটনাৰ পিছত স্থানীয় একাংশ লোকে মুখ আৰু হাত বান্ধি থোৱা অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে। কিশোৰী গৰাকীয়ে জানিবলৈ দিয়া মতে দুইজন সন্দেজনক সোপাধৰাৰ হাতত বস্তা,কেচি, বেজী,খুকুৰী, কটাৰী আদিৰ লগতে অন্যান্য ঔষধ জাতীয় কেতবোৰ সামগ্ৰী আছিল । সমগ্ৰ ঘটনাকলৈ তিতাবৰত এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
Responsive Ads Here
Thursday, June 07, 2018

তিতাবৰত সোপাধৰাৰ আতংক : কথমপি প্ৰাণ লৈ ঘৰলৈ উভতিল এজনী ১০ বছৰীয়া কিশোৰী
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment