‘সংবাদ প্ৰহৰী’ গোষ্ঠীৰ তৰফৰ পৰা ছালমা হুছেইন আৰু পদ্মপ্রিয়া সাংস্কৃতিক গােষ্ঠীলৈ থাকিল আন্তৰিক অভিনন্দন আৰু শুভচ্ছো
পুলেন্দ্র দাস/আনিছুজ জামান, বৰপেটা:
অসমলৈ সুনাম কঢ়িয়াই আনিলে কামৰূপ জিলাৰ সােনতলীৰ ছালমা হুছেইনআৰু বৰপেটাৰ ‘পদ্মপ্রিয়া সাংস্কৃতিক গােষ্ঠী’য়ে৷ উল্লেখ্য যে অহা ৮ আগষ্টৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশ্বিংচন ডিচিত এমাহ যােৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা শান্তি আলােচনা চক্ৰত কামৰূপ জিলাৰ সােনতলীৰ ছালমা হুছেইন আমন্ত্রিত হয়৷ উক্ত আলােচনা চক্ৰত বিশ্বৰ আঠ গৰাকী প্রতিভা সম্পন্ন মহিলাৰ লগতে অসমৰ সােনতলীৰ ছালমা হুছেইন আমন্ত্রিত হৈছে।
ইপিনে ‘পদ্মপ্রিয়া সাংস্কৃতিক গােষ্ঠী’য়ে পুনেত অনুষ্ঠিত ‘গ্লোবেল হাৰমণি- ২০১৮' সৰ্বভাৰতীয় প্রতিযােগিতাত বিভিন্ন শাখাত অংশ গ্রহণ কৰি বহু কেইটা শ্রেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। সােণালী দাসৰ নেতৃত্বত যােৱা দলটিয়ে বৰগীত, হােলী গীত, মহােহাে, নাটক, নৃত্য, বাদ্য বাদন আদি ভিন্ন শিতানত শ্রেষ্ঠ হােৱাৰ সূত্ৰে নৱেম্বৰত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ‘কালছাৰেল অলিমপিয়াড-২০১৮’ লৈ আমন্ত্রিত হােৱাৰ লগতে সােণালী দাসে শ্রেষ্ঠ গুৰুজী বঁটাৰ সন্মান লাভ কৰিছে।
কামৰূপ জিলাৰ সােনতলীৰ ছালমা হুছেইনলৈ আৰু বৰপেটা জিলাৰ হাউলীৰ ‘পদ্মপ্রিয়া সাংস্কৃতিক গােষ্ঠী’ৰ আটাই কেইগৰাকী কলাকুশলীলৈ বিভিন্ন দলৱ-সংগঠনে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনায়।
No comments:
Post a Comment