তামাৰহাট : দুষ্ট চক্ৰই ৰাজ্যৰ বিভিন্ন ঠাইৰ যুৱতীক নানা প্ৰলোভনেৰে বহিঃৰাজ্যত নি বিক্রী কৰি অহা ঘটনা সঘনাই পোহৰলৈ অহাৰ সময়তে বুধবাৰে তামাৰহাটত পোহৰলৈ আহে আন এটা নাৰী সৰবৰাহ কৰা ঘটনা।
উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজান পেটলা গাঁওৰ আবুল কালাম মণ্ডলৰ শাৰীৰিক ভাবে সক্ষম ছোৱালী ছালেহা খাতুন (৩০)ক দুষ্ট চক্ৰই চিকিৎসাৰ প্ৰলোভনেৰে বহিঃৰাজ্যত নি বিক্ৰী কৰাৰ অভিযোগত একেখন থানাৰে অন্তৰ্গত নাটাবাৰী গাঁৱৰ সহাজুদ্দিন নামৰ এজন যুৱকক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
ঘটনাৰ বিবৰণী মতে, যোৱা দেওবাৰে পেছাত দৰ্জী কাম কৰা সহাজুদ্দিন নামৰ এজন যুৱকে যুৱতী গৰাকীক চিকিৎসাৰ প্ৰলোভনেৰে ঘৰৰ পৰা নি অসম-বংগৰ সীমান্তৰ আসাম মোৰৰ এজন ড্ৰাইভাৰৰ হাতত গতাই দিয়ে।
ইপিনে কেইদিনমান ধৰি ছালেহা খাতুন ঘৰলৈ উভতি নহাত যুৱতীগৰাকীৰ বিষয়ে সহাজুদ্দিনক শুধাত তেওঁ কোনো ধৰণৰ পাট্টা নিদিয়াৰ উপৰি যুৱতীগৰাকীৰ সৰু ভন্টীক বহিঃৰাজ্যৰ যুৱকৰ লগত বিয়া দিয়াৰ কথা আলোচনা কৰে।
এনে সময়তে বহিঃৰাজ্যৰ পৰা ছালেহা খাতুনে ফোন যোগে তাইক বিক্ৰী কৰা সমগ্ৰ ঘটনা ঘৰত অৱগত কৰাত এক চাঞ্চ্যলকৰ পৰিবেশৰ সৃষ্টি হয়।
ফলত স্থানীয় লোকে সাহজুদ্দিনক আটক কৰি সোধ-পোচ কৰাত শাৰীৰিকভাবে বিশেষভাৱে সক্ষম যুৱতীগৰাকীক কোন ড্ৰাইভাৰৰ হাতত গতাই দিছিল সেই যুৱকৰ নাম ঠিকনা ক’ব নোৱাৰাত উক্ত সমগ্ৰ ঘটনাৰ লগত সাহজুদ্দিন জড়িত বুলি সন্দেহ কৰি তামাৰহাট আৰক্ষীৰ হাতত গতাই দি তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে যুৱক জনক আটক কৰি এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ নিখুঁত তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।
আনহাতে বিশেষভাৱে সক্ষম যুৱতীগৰাকীক প্ৰলোভন দেখুৱাই ঘৰৰ পৰা নি বহিঃৰাজ্যত বিক্ৰী কৰাৰ দৰে নিকৃষ্ট ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীৰ ওপৰত দাবী জনাইছে।
No comments:
Post a Comment